মহাৰণ্য |
মহাৰণ্য
প্ৰতিটো কামত একোটা
অৰ্থ লোকাই থাকে। এই অৰ্থত একোটা পৰম অৰ্থ লোকাই থাকে। এই পৰম অৰ্থয়ে নিৰ্ণয় কৰে ভৱিষ্যৎ। কিন্তু আচল কথাটো হ’ল এই
পৰম অৰ্থৰ বিষয়ে কেতিয়াবা মানুহজনে নিজে নাজানে। কিন্তু সময় সকলো জানে। আমাৰ ঋষি
মুনি সকলে বহুতো গৱেষণা আৰু পৰামৰ্শ কৰি শাস্ত্ৰৰ নিৰ্মাণ কৰিছিল। সেই শাস্ত্ৰ
সমূহৰে এখন শাস্ত্ৰ হৈছে মহাভাৰত, যত ধৰ্ম অধৰ্মৰ কথা লিখা আছে। আমি সকলোৱে সেই
কথাবোৰ জানো। কিন্তু কিমানে তাক মানো। ভগৱানে জীৱ সমূহৰ ভিতৰত এটা জীৱক জ্ঞান
প্ৰদান কৰি মানুহ হিচাপে জন্ম দিছে। কিন্তু সেই মানুহে ভগৱানে দিয়া জ্ঞানক নিজৰ
স্বাৰ্থৰ বাবে ব্যবহাৰ কৰি জন্ত্ৰুত পৰিণত হৈছে। কিন্তু সৰুতে কৰা ভুলবোৰৰ যিদৰে
ডাঙৰ হোৱাৰ পিচত অনুভৱ হয়, ঠিক সেইদৰে নিজৰ স্বাৰ্থ বাবে কৰা কামবোৰৰ অনুভৱ জীৱনৰ
শেষ মূহূৰ্তত হয়। কিন্তু তেতিয়ালৈকে বহু দেৰী হৈ যায়। ঘূৰি অহাৰ বাট বন্ধ হৈ যায়।
মহাভাৰত গ্ৰন্থ খনত
বহুতো উদাহৰণ আছে যাৰ জৰিয়তে আমি অতি সহজে বুজিব পাৰো যে অধৰ্ম যিমানে শক্তিশালী
নহওক কিয় এদিন নহয় এদিন ধৰ্মৰ জয় হবয়ে। কিন্তু আজিৰ সময়ত, সময়ৰ পাক-চক্ৰয়ে এনেকোৱা
খেল খেলিছে যে এইটো সিদ্ধান্তয়ে কৰিব নোৱাৰি যে ধৰ্মৰ পথত কোন আছে। কোনেওটো নিজকে
অধৰ্মী বুলি নকয় নাইবা নিজৰ প্ৰকৃত স্বৰুপ মানুহৰ আগত দাঙি নধৰে। তেনেহলে মানুহে
আৰম্ভণীতে জানিব কেনেকৈ? জনাৰ কিবা উপায় আছে জানো? আজি বৈজ্ঞানীকেওটো এনেকোৱা নিখুত আহিলা তৈয়াৰ কৰিব পৰা নাই যাৰ
জৰিয়তে এইটো কব পৰা যায় যে এই মানুহজনে ভৱিষ্যতে কেতিয়াও বেয়া কাম নকৰে। এনেকোৱা
আহিলা থাকিলেটো প্ৰথমে নেতৃত্ব বহণকাৰী, মন্ত্ৰী-বিধায়ক সমূহৰ পৰীক্ষা কৰা হলহেতেন
আৰু যাক ভাল বুলি কোৱা হলহেতেন তেখেতৰ ওপৰতে বিশ্বাস আৰু ভোট দিলেহেতেন। অৱশ্যে জ্যোতিষশাস্ত্ৰয়ে
কুণ্ডিলী চায় মানুহৰ ভৱিষ্যতৰ বিষয় কব পাৰে বুলি মন্তব্য কৰে। কিন্তু সেইটোও সম্পূৰ্ণ ৰুপে বিশ্বাসযোগ্য
নহয়। কাৰণ তাৰ কোনো নিশ্বয়তা নাই; জ্যোতিষশাস্ত্ৰী জনৰ অনুমান ভুলো হব পাৰে। গতিকে এটা
উপায় আছে মানুহজনৰ বিষয় জনাৰ সেইটো হৈছে তেখেতে আগতে কৰা কামবোৰৰ খতিয়ান বোৰ
ভালদৰে পঢ়ি নিজে উপলব্ধি কৰি। ইয়াতো দৰকাৰী কথাটো হ’ল, এই
উপলব্ধি ভুলো হব পাৰে। যেনে ভৱেন্দ্ৰ নাথ শইকীয়া দেৱে লিখা এখন নাটকৰপৰা এইটো সহজে
বুজিব পাৰি। সেই নাটকখনৰ নাম হৈছে, “মহাৰণ্য”।
এই কাহানীটোত অজয় নামৰ এটা চৰিত্ৰ আছে। অজয়ে এজন
শিক্ষক যিয়ে ৰাজনীতি বেয়া পায় কিন্তু সমাজৰ কাৰণে কাম কৰি ভাল পায়। নাটকখনৰ
আৰম্ভণিতে সভাস্থলিত মন্ত্ৰীয়ে ভাষণ দি থাকে আৰু, অজয়ে সেই মন্ত্ৰী জনক দি থাকে
গালি; ফলত সভা ভংগ হয় আৰু সময়ে নিজৰ খেল খেলে। সময়ে বিভিন্ন পৰিস্থিতি উৎপন্ন
কৰি অৱশেষত অজয়ক মন্ত্ৰীৰ আসনত বহাই। প্ৰথম অৱস্থাত অজয়ে সমাজৰ দৃষ্টিত নায়ক হৈ থাকে কাৰণ অজয়ে ৰাজনীতিৰ সমুদ্ৰত নামিচেহে মাত্ৰ, এতিয়ালৈকে আগবাঢ়ি যোৱা নাই। লাহে লাহে অজয়ে আগৱাঢ়িব ধৰে আৰু কব নোৱাৰাকৈ সি সেই সমূদ্ৰৰ গভীৰতাত ডুব গৈ থাকে। প্ৰথম অৱস্থাত অজয়ৰ লক্ষ্য আছিল সমাজৰ উন্নতি সাধন কৰা কিন্তু
অৱশেষত অজয় নিজৰ লক্ষ্যত সম্পূৰ্ণ ৰুপে উপনীত হব নোৱাৰিল, কিন্তু সময়ে নিজৰ লক্ষ্যত উপনিত হল আৰু
এনেকোৱা এটা পৰিস্তিতি উৎপন্ন কৰিলে যত নাটকৰ আৰম্ভণীৰ নিচিনাকৈ সেই মন্ত্ৰীজনৰ
ঠাইত অজয় ভাষণ দিলে আৰু অজয়ৰ ঠাইত ৰাইজে দিলে গালি। মানুহ সলনি হল কিন্তু
পৰিস্তিতি সেই একেটায়ে।
আমাৰ বাস্তৱ জীৱনটো
যেন এই নাটকখন প্ৰয্য়োজ্য। প্ৰতিজন মানুহে সমাজৰ উন্নতি বিচাৰে,
সমাজৰ কাৰণে কিবা কৰিব বিচাৰে, তাৰ বাবে কিছুমান মানুহে ক্ষমতা বিচাৰে কিন্তু
যেতিয়া ক্ষমতা হাতত আহে তেতিয়া সেই মানুহজৰ সম্মূখত বিভিন্ন পৰিস্তিতিয়ে দেখা
দিয়ে। যিবোৰ মানুহে সেই পৰিস্তিতিৰ লগত যুজি নিজৰ মন আৰু বিবেকৰ ওপৰত নিয়ন্ত্ৰণ
কৰি নিজৰ লক্ষ্যত উপনিত হব পাৰে১; সিহতে নতুন ইতিহাসৰ সূচনা কৰে আৰু যিসকলে উপনিত হব নোৱাৰে
সিহতে সেই একে ইতিহাসৰে পুনৰাবৃত্তি কৰে অৰ্থাত ৰজায়ে শাষণ কৰি গৈ থাকিব, প্ৰজাৰ
নেতৃত্ব কৰা সকলে বিদ্ৰোহ আৰু প্ৰজায়ে সেই খেল উপভোগ কৰি থাকিব।
এই পৰিস্তিতি সমূহৰ লগত যুজা চাগে অসম্ভৱ যেনহে লাগিছে নহলেটো সমাজত ৰাম ৰাজ্যৰ স্থাপনা কোন কেতিয়াবায়ে হবয়ে লাগিছিল।
১. “মানুহে
সেই পৰিস্তিতিৰ লগত যুজি নিজৰ মন আৰু বিবেকৰ ওপৰত নিয়ন্ত্ৰণ কৰি নিজৰ লক্ষ্যত
উপনিত হব পাৰে” ইয়াত সকলোৱে
ভাবে যে তেখেতে নিজৰ স্বাৰ্থৰ ওপৰত নিয়ন্ত্ৰণ কৰিব পাৰিব কিন্তু নিজৰ স্বাৰ্থৰ ওপৰত
নিয়ন্ত্ৰণ কৰা ইমান সহজ নহয়। নিজৰ মনৰ খোভ উলাই যোৱাৰ পিচতহে মানুহে শান্তিত
ভাবিবৰ সময়ে পায় আৰু এই সময়তে মানুহৰ মন পৰিৱৰ্তন হয়।
॥ ধন্যৱাদ ॥
মহাৰণ্য
Reviewed by Paramartha
on
January 30, 2020
Rating:
No comments: