Amazon Best Deal

The Issue of Assam (1931 to 2011) | অধ্যায় ২| অসমত মুচলমানৰ সংখ্যা, হিন্দু আৰু বিৱৰণ


অধ্যায় ২

অসমত মুচলমানৰ সংখ্যা, হিন্দু আৰু বিৱৰণ (১৯৩১ ৰপৰা ২০১১ লৈ)



The Issue of Assam (1931 to 2011) | অধ্যায় ২| অসমত মুচলমানৰ সংখ্যা, হিন্দু আৰু বিৱৰণ
The Issue of Assam (1931 to 2011) | অধ্যায় ২| অসমত মুচলমানৰ সংখ্যা, হিন্দু আৰু বিৱৰণ 


অসম ভাৰতৰ আইনা স্বৰুপ। ভাৰতত যিদৰে ভিন ভিন ভাষা সংস্কৃতিৰ লোকে বসবাস কৰি আহিছে, ঠিক সেইদৰে অসমতো ভিন ভিন ভাষা সংস্কৃতিৰ লোকে বসবাস কৰি আহিছে। ভাৰতৰ নিচিনাকৈ অসমতো বিভিন্ন কাৰণত আৰু বিভিন্ন উদ্দেশ্য লৈ বহুতো লোকে প্ৰৱেশ কৰিছে। এই প্ৰৱেশে অসমত এক নতুনত্বৰ সূচনা কৰিছে। কেতিয়াবা এই সূচনায়ে অসম ধংসিছে আৰু কেতিয়াবা এই সূচনায়ে অসম গঢ়িছে। এই প্ৰৱেশে অসমত কিবা নহয় কিবা প্ৰভাব পেলাই আহিছে। এই প্ৰৱেশৰ ফলতে এটা সময়ত অসমত এটা সম্প্ৰদায়ৰ সংখ্য়া বৃদ্ধি হৈচিল আৰু অসমক বাংলাদেশৰ হাতলৈ ঠেলি দিবলৈ অপ-চেষ্টা চলোৱা হৈছিল। কিন্তু গোপীনাথ বৰদলৈৰ অশেষ চেষ্টা আৰু গান্ধীজীৰ পূৰ্ণ সমৰ্থন থকাৰ ফলত অসম ভাৰতৰ অভিন্ন অংগ হৈ থাকিল। কিন্তু অনুপ্ৰৱেশৰ সমস্যা নকমিল।


অসমত মুচলমানৰ সংখ্যা আৰু বিৱৰণ (১৯৩১ ৰপৰা ২০১১ লৈ)


২০১১ ৰ জনগণনাৰ অনুসৰি অসমত ৩৪.২২% মুচলমান বসবাস কৰি আছে। কিন্তু ১৯৩১ চনত ইয়াৰ পৰিমাণ কিছু কম আছিল। যিহেতু ১ শতাংশ বৃদ্ধি হোৱাৰ অৰ্থ হৈছে আন এটা পক্ষৰ সংখ্যা কমি যোৱা আৰু এই শতাংশৰ পৰিমাণ বৃদ্ধি হৈ এটা সময়ত ই এক নিৰ্দিষ্ট আকাৰ লয় (যিহেতু বৰ্তমান লৈছে) গতিকে ইয়াৰ সংখ্যা জনাটো বহু প্ৰয়োজনীয়।

বচৰ
মুচলমান জনসংখ্যা
২০১১ লৈ মুচলমান কিমান গুণ বাঢ়িছে
মুচলমান জনসংখ্যাৰ অনুপাত (%)
১০ বচৰৰ অন্তৰালৰ পাৰ্থক্য
১০ বচৰত মুচলমান বৃদ্ধিৰ পৰিমাণ (%)
১৯৩১
১২,৭৯,৩৮৮
৮.৩৫
২৩.০১


১৯৪১
১৬,৯৬,৯৭৮
৬.২৯
২৫.৩৫
৪,১৭,৫৯০
৩২.৬৪
১৯৫১
১৯,৯৫,৯৩৬
৫.৩৫
২৪.৮৬
২,৯৮,৯৫৮
১৭.৬২
১৯৬১
২৭,৬৫,৫০৯
৩.৮৬
২৫.৫২
৭,৬৯,৫৭৩
৩৮.৫৬
১৯৭১
৩৫,৯৪,০০৬
২.৯৭
২৪.৫৭
৮,২৮,৪৯৭
২৯.৯৬
১৯৮১
--
--
--
--
--
১৯৯১
৬৩,৭৩,২০৪
১.৬৮
২৮.৪৩
২৭,৭৯,১৯৮*
৭৭.৩৩*
২০০১
৮২,৪০,৬১১
১.৩০
৩০.৯২
১৮,৬৭,৪০৭
২৯.৩০
২০১১
১,০৬,৭৯,৩৪৫

৩৪.২২
২৪,৩৮,৭৩৪
২৯.৫৬
তালিকা ২

তালিকা ২ ৰপৰা এইটো সহজে অনুমান কৰিব পাৰি যে ১৯৫১ ৰপৰা ২০১১ লৈ মুচলাম  লোকৰ সংখ্যা ৫.৩৫ শতাংশ বৃদ্ধি হৈছে আৰু ১৯৭১ ৰপৰা ২০১১ লৈ এই অনুপাত ২.৯৭ গুণ বৃদ্ধি হৈছে। ১৯৮১ ত উত্তপ্ত পৰিস্তিতিৰ ফলত অসমত জনগণনা কৰা নহল। কিন্তু যদি ১৯৯১ চনৰ সংখ্যা চোৱা যায় তেনেহলে সহজে বুজিব পাৰি যে এই সময় চোৱাত মুচলমান জনসংখ্যাৰ পৰিমান বহু বাঢ়িছে (২৭,৭৯,১৯৮/২ = ১৩,৮৯,৫৯৯ আনহাতে ৭৭.৩৩/২ = ৩৮.৬৬%) আনহাতে যদি ১৯৯১ ত মুচলমান জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ৩৮.৬৬ ধৰা হয় তেনেহলে ২০০১ লৈ এই সংখ্যা বহু পৰিমাণে কম পৰিলক্ষিত হয় কিন্তু ২০০১ ৰপৰা ২০১১ লৈ এই সংখ্যা অতি সমান্য পৰিমাণে বাঢ়িছে। লগতে এইটোও মন কৰিবলগীয়া কথা যে ১৯৭১ ৰপৰা ২০১১ লৈ মুচলমান সকলোৰ অনুপাত ৯.৬৫ শতাংশ বৃদ্ধি হৈছে।

মুচলমান জনৱসতি জিলা (২০০১ ৰপৰা ২০১১)

জিলা
২০০১ (%)
২০১১ (%)
পাৰ্থক্য (%)
ধুবুৰী
৭০.৪৫
৭৯.৬৭
৯.২২
গোৱালপাৰা
৫০.১৮
৫৭.৫২
৭.৩৪
বৰপেটা
৫৬.০৭
৭০.৭৪
১৪.৬৭
মৰিগাওঁ
৪৫.৩১
৫২.৫৬
৭.২৫
নগাওঁ
৪৭.১৯
৫৫.৩৬
৮.১৭
কৰিমগঞ্জ
৪৯.১৭
৫৬.৩৬
৭.১৯
হাইলাকান্দি
৫৪.৭৯
৬০.৩১
৫.৫২
তালিকা ৩

তালিকা ৩ ৰ অনুসৰি ৭ খন জিলাত জনসংখ্যাৰ পৰিমাণ ৫ ৰপৰা ১৪ শতাংশলৈ বৃদ্ধি হৈ গৈ আছে।

৫০ শতাংশতকৈ অধিক মুচলমান বসতি জিলা (২০১১ ৰ জনগণনাৰ অনুসৰি)

ক্ৰমিক নং
জিলা
মুঠ জনসংখ্যা
মুচলমান জনসংখ্যা
অনুপাত
বৰপেটা
১৬,৯৩,৬২২
১১,৯৮,০৩৬
৭০.৭৪
বঙ্গাইগাও
৭,৩৮,৮০৪
৩,৭১,০৩৩
৫০.২২
দৰং
৯,২৮,৫০০
৫,৯৭,৩৯২
৬৪.৩৪
ধুবুৰী
১৯,৪৯,২৫৮
১৫,৫৩,০২৩
৭৯.৬৭
গোৱালপাৰা
১০,০৮,১৮৩
৫,৭৯,৯২৯
৫৭.৫২
হাইলাকান্দি
৬,৫৯,২৯৬
৩,৯৭,৬৫৩
৬০.৩১
কৰিমগঞ্জ  ১২,২৮,৬৮৬৬,৯২,৪৮৯৫৬.৩৬
মৰিগাওঁ
৯,৫৭,৪২৩
৫,০৩,২৫৭
৫২.৫৬
নগাওঁ
২৮,২৩,৭৬৮১৫,৬৩,২০৩৫৫.৩৬
তালিকা ৪

২০০১ ৰ জনগণনাৰ অনুসৰি বৰপেটা জিলাত ৩৯.০৯% হিন্দু (অৰ্থাৎ ৬,৬২,০৬৬) আছিল।

২৮ শতাংশতকৈ অধিক কিন্তু ৫০ শতাংশতকৈ কম মুচলমান বসতি জিলা

ক্ৰমিক নং
জিলা
মুঠ জনসংখ্যা
মুচলমান জনসংখ্যা
অনুপাত
কাচাৰ
১৭,৩৬,৬১৭
৬,৫৪,৮১৬
৩৭.৭১
কামৰুপ
১৫,১৭,৫৪২
৬,০১,৭৮৪
৩৯.৬৬
নলবাৰী
৭,৭১,৬৩৯
২,৭৭,৪৮৮
৩৫.৯৬
কোকৰাঝাৰ
৮,৮৭,১৪২
২,৫২,২৭১
২৮.৪৪
তালিকা ৫

২০১১ ৰ জনগণনাৰ অনুসৰি অসমত মুঠ মুচলমান জনসংখ্যাৰ ২১.৩৪ অনুপাতত (অৰ্থাৎ ২৮,২৯,১০২) অসমীয়া মুচলমান লোক বসবাস কৰি আছে। আনহাতে বঙালী মুচলমান প্ৰায় ৬০ ৰপৰা ৬১ লাখ বসবাস কৰি আছে লগতে অন্য মুচলমান প্ৰায় ১৭ - ১৮ লাখ বসবাস কৰি আছে।

ওপৰৰ তালিকা সমূহৰপৰা (তালিকা ৩, ৪, ৫) কব পাৰি যে অসমৰ ১৪ খন জিলাত মুচলমানৰ প্ৰভাৱ কিছু বেছি আছে। আনহাতে বৰাক ভিলীৰ তিনিওখন জিলাতে মুচলমানৰ প্ৰভাৱ আছে; বিশেষকৈ কৰিমগঞ্জ আৰু হাইলাকান্দিত। 

তালিকা ৪ অনুসৰি কব পৰা যায় যে ২০১১ লৈ অসমত ৩৩ খন জিলাৰ ভিতৰত ১০ জিলাত মুচলমানৰ অনুপাত ৫০ শতাংশতকৈ বেচি আছিল। ২০২১ ৰ  জনগণনাত এই সংখ্যা বাঢ়িবহে পাৰে। আনহাতে যদি NRC ত নাম নথকা ৭ লাখ মুচলমানক বাদ দিলেও এই সংখ্যাৰ ওপৰত বিশেষ প্ৰভাৱ নপৰিব কাৰণ ১৯৯১ ৰপৰা ২০১১ লৈ মুচলমানৰ সংখ্যা ১৮ লাখ আৰু ২৪ লাখ কৈ বৃদ্ধি হৈছে; গতিকে যদি ধৰা হয় যে আগলৈও এই সংখ্যা ইমানে থাকিব তেনেহলে ৭ লাখ জনসংখ্যা কৰ্তন কৰিলে বিশেষ এটা পাৰ্থক্য নপৰিব। কিন্তু যদি ১২ লাখ হিন্দু কৰ্ত কৰা হয়?


মুচলমান এৰি অসমত অন্য সম্প্ৰদায়ৰ লোকৰ সংখ্যা


মুচলমানৰ অনুপাত যিহেতু বাঢ়ি গৈ আছে গতিকে অন্য সম্প্ৰদায়ৰ অনুপাত কমি যোৱাটো স্বাভাৱিক। কিন্তু ইয়াত দৰকাৰী কথাটো হল যে অন্য সম্প্ৰদায়ৰ সংখ্যাটো কিমান অনুপাতত  বৃদ্ধি হৈছে।

বচৰ
জনসংখ্যা
2011 লৈ কিমান গুণ বাঢ়িছে
জনসংখ্যাৰ অনুপাত (%)
10 বচৰৰ অন্তৰালৰ পাৰ্থক্য
10 বচৰত বৃদ্ধিৰ পৰিমাণ (%)
১৯৩১
৪২,৮০,৯৮৩
৪.৭৯
৭৬.৯৯


১৯৪১
৪৯,৯৭,৮১২
৪.১১
৭৪.৬৫
৭,১৬,৮২৯
১৬.৭৪
১৯৫১
৬০,৩২,৯২০
৩.৪০
৭৫.১৪
১০,৩৫,১০৮
২০.৭১
১৯৬১
৮০,৭১,৮২০
২.৫৪
৭৪.৪৮
২০,৩৮,৯০০
৩৩.৮০
১৯৭১
১,১০,৩১,১৪৬
১.৮৬
৭৫.৪৩
২৯,৫৯,৩২৬
৩৬.৬৬
১৯৮১





১৯৯১
১,৬০,৪১,১১৮
১.২৮
৭১.৫৭
৫০,০৯,৯৭২
৪৫.৪২
২০০১
১,৮৪,১৪,৯১৭
১.১১
৬৯.০৮
২৩,৭৩,৭৯৯
১৪.৮০
২০১১
২,০৫,২৬,২৩১

৬৫.৭৮
২১,১১,৩১৪
১১.৪৭
তালিকা ৬

তালিকা ৬ অনুসৰি ১৯৫১ ৰপা ২০১১ লৈ অন্য সম্প্ৰদায়ৰ সংখ্যা ৩.৪০ গুণ বৃদ্ধি হৈছে আনহাতে ১৯৭১ ৰপৰা ২০১১ লৈ ১.৮৬ গুণ বৃদ্ধি হৈছে। আনহাতে যিহেতু মুচলমানকৈ অন্য সম্প্ৰদায়ৰ লোকৰ (বিশেষকৈ হিন্দু) অনুপাত বেছি গতিকে জনসংখ্যাৰ ক্ষেত্ৰত আৰু জনসংখ্যাৰ ১০ বচৰৰ অন্তৰালৰ ক্ষেত্ৰত এক বৃহত পাৰ্থক্য থকাটো স্বাভাৱিক কিন্তু ১৯৯১ ৰপৰা ২০১১ ৰ ভিতৰত যদি ১০ বচৰৰ অন্তৰালৰ পাৰ্থক্য চোৱা যায় তেতিয়া বৰ বেছি পাৰ্থক্য চকুত নপৰে। ২০০১ ৰ মুচলমানৰ বৃদ্ধিৰ সংখ্যা ১৮,৬৭,৪০৭ বিপৰীতে অন্য সম্প্ৰদায়ৰ ২৩,৭৩,৭৯৯ আছিল আৰু ২০১১ ত মুচলমানৰ বৃদ্ধিৰ সংখ্যা ২৪,৩৮,৭৩৪ বিপৰিতে অন্য সম্প্ৰদায়ৰ ২১,১১,৩১৪ আছিল। গতিকে এই পাৰ্থক্যৰ অন্তৰালটো কমি আহিব ধৰিছে আনকি ২০১১ ৰ মুচলমানৰ বৃদ্ধিৰ পৰিমাণ অন্য সম্প্ৰদায়ৰ তুলনাত বেছিহে হৈছে ইয়াৰ কাৰণ হয়তু,
১) মুচলমানৰ বংশ বৃদ্ধি হব পাৰে
২) অনুপ্ৰৱেশ হব পাৰে
৩) ধৰ্ম পৰিৱৰ্তনো হব পাৰে
৪) অন্য সম্প্ৰদায়ে অসম এৰি যোৱাও হব পাৰে

ওপৰৰ কোনো এটা কাৰণ নাইবা সকলোবোৰ কাৰণে হব পাৰে। এতিয়া ২০২১ ৰ ক্ষেত্ৰত ই কিমান হয় সেইটো বহু দৰকাৰী হব। এতিয়া যদি অন্য সম্প্ৰদায়ৰপৰা কেৱল হিন্দুৰ সংখ্যাটো চোৱা যায়?

হিন্দু লোকৰ সংখ্যা আৰু বিৱৰণ


অসমত বৰ্তমান হিন্দু ; আৰু মুচলমান সম্প্ৰদায়ৰ লোকে বসবাস কৰি আছে। গতিকে হিন্দুৰ জনসংখ্যা বেছি হোৱাটো স্বাভাৱিক। কিন্তু অনুপাত?

বচৰ
হিন্দু জনসংখ্যা
২০১১ লৈ হিন্দু কিমান গুণ বাঢ়িছে
হিন্দু জনসংখ্যাৰ অনুপাত (%)
অন্তৰালৰ পাৰ্থক্য
হিন্দু বৃদ্ধিৰ পৰিমাণ (%)
১৯৩১
৩৯,৬৬,৮৬০
৪.৮৪
৭১.৩৪


১৯৪১
৩২,২২,৩৭৭*
৫.৯৫
৪৮.১৩
-৭,৪৪,৪৮৩
-১৮.৭৭
১৯৫১





১৯৬১
৭৮,৮৪,৯২১*
২.৪৩
৬৭.১৩
৪৬,৬২,৫৪৪
১৪৫
১৯৭১
১,০৬,০৪,৬৯৮
১.৮১
৭২.৫১
২৭,১৯,৭৭৭
৩৪.৪৯
১৯৮১





১৯৯১
১,৫০,৪৬,৭৩৪
১.২৭
৬৭.১৩
৪৪,৪২,০৩৬.৬৪
৪১.৮৯
২০০১
১,৭২,৯৬,৪৫৫
১.১১
৬৪.৮৯
২২,৪৯,৭২০.৬৪
১৪.৯৫
২০১১
১,৯১,৮০,৭৫৯

৬১.৪৭
১৮,৮৪,৩০৪
১০.৮৯






তালিকা ৭

দৰকাৰী কথা: ইয়াত ১৯৩১ আৰু ১৯৪১ লৈ তথ্য অলপ বেলেগ বেলেগ পোৱা গৈছিল, সেয়েহে বেচি ঠাইত পোৱা তথ্যটো ইয়াত দিয়া হৈছে। ইয়াৰে ১৯৪১ ৰ হিন্দু জনসংখ্যাটো অলপ অমিল আৰু অবিশ্বাস্য যেন লাগে কিন্তু কেইবা ঠাইতো পোৱাৰ বাবে এই সংখ্যাটো দিয়া হৈছে। লগতে ১৯৬১ ৰ ক্ষেত্ৰত হিন্দুৰ অনুপাত ৭২.৫১ য়ে আছিল কিন্তু সংখ্যাটো অলপ বেলেগ পোৱা গৈছিল (৭২,৭৫,০৯৯)। কিন্তু মুঠ জনসংখ্যাৰপৰা ৭২.৫১ ওলালে ৭৮,৮৪,৯২১ এই সংখ্যাটো পোৱা যায়, সেয়েহে এইটো সংখ্যাটোকে তালিকাত দিয়া হৈছে।

তালিকা ৭ ৰ অনুসৰি ১৯৪১ ৰপৰা ২০১১ লৈ অসমত হিন্দুৰ সংখ্যা ৫.৯৫ গুণ বৃদ্ধি হৈছে। ইয়াত ১৯৫১ ৰ তথ্য বিচাৰি নোপোৱাৰ বাবে উল্লেখ কৰিব নোৱাৰিলো। এটা অনুমান কৰিব পাৰি যে ১৯৫১ ত নিশ্চয়কৈ হিন্দুৰ সংখ্যা বেচি হব লাগে। কাৰণ দেশ বিভাজনৰ ফলত বহুতো হিন্দু লোক অসমলৈ আহিছিল। সেয়েহে মুচলমানৰ সংখ্যাটো (তালিকা ২) ১৯৫১ ত বৰ বেচি বৃদ্ধি দেখা পোৱা নাযায়। এনেকোৱা নহয় যে দেশ বিভাজনৰ পিছত সকলো মুচলমান বাংলাদেশত গুচি গৈছিল, বহুতো মুচলমান বিভিন্ন কাৰণত অসমলৈ আহিছিল; কিন্তু ইয়াত ১৯৭১ লৈকে হিন্দুৰ পৰিমাণ বেছি আছিল তালিকা ৭ ত এই কথাটো স্পষ্ট হয় যে ১৯৭১ লৈ হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ বহুত বেছি হৈছে। কিন্তু ইয়াত মন কৰিবলগীয়া কথাটো হল যে ১৯৭১ ৰপৰা ২০১১ লৈ হিন্দুৰ জনসংখ্যা এক ব্যাপক হাৰত (১১.০৪) শতাংশ কমি আহিছে। আনহাতে যদি মুচলমান জনসংখ্যাৰ লগত হিন্দু জনসংখ্যা তুলনা কৰা যায় তেনেহলে দেথা যাব যে ১৯৯১ ৰপৰা ২০১১ লৈ মুচলমানৰ বৃদ্ধিৰ সংখ্যা ৪৩,০৬,১৪১ ৰ বিপৰিতে হিন্দুৰ বৃদ্ধিৰ সংখ্যা ৪১,৩৪,০২৫ হৈছে। যিহেতু ১৯৯১ ত জনসংখ্যাৰ ক্ষেত্ৰত মুচলমান আৰু হিন্দুৰ মাজত এক ব্যাপক পাৰ্থক্য আছিল (৮৬,৭৩,৫৩০) গতিকে স্বাভাৱিকতে হিন্দু জনসংখ্যা বৃদ্ধিৰ সংখ্যা বেছি হব লাগিছিল কিন্তু ইয়াত বিপৰিত চবিহে দেখিবলৈ পোৱা গৈছে।

২০১১ ৰ জনগণনাৰ অনুসৰি অসমত বসবাস কৰা বিভিন্ন সম্প্ৰদায়ৰ তালিকা তলত উল্লেখ কৰা হল,

নাম
জনসংখ্যা
অনুপাত
হিন্দু
১,৯১,৮০,৭৫৯
৬১.৪৭
মুচলিম
১,০৬,৭৯,৩৪৫
৩৪.২২
খ্ৰীষ্টান
১১,৬৫,৮৬৭
৩.৭৪
বৌদ্ধিচ
৫৪,৯৯৩
০.১৮
Not Available
৫০,৮৭৩
০.১৬
অন্য
২৭,১১৮
০.০৯
জৈন
২৫,৯৪৯
০.০৮
শিখ
২০,৬৭২
০.০৭
তালিকা ৮

২০১১ ৰ লোকৰ পিয়ৰ অনুসৰি অসমত অসমীয়া জনসংখ্যাৰ ভিতৰত হিন্দুৰ অনুপাত ৭৫.৫২ (১,০০,১১,৮৯২) আনহাতে অসমীয়া মুচলমানৰ অনুপাত ২১.৩৪ (২৮,২৯,১০১),অসমীয়া খ্ৰীটানৰ অনুপাত ৩.১৪ (৪,১৬,২৭৮) (ইয়াত অসমীয়া শিখ সম্প্ৰদায়ৰ লোকক সনিবিষ্ট আছে।) আনহাতে বঙালী অনুপাত চোৱা যায় তেতিয়া দেখা যাব যে, অসমত বঙালী ভাষা কোৱাৰ ভিতৰত বঙালী হিন্দুৰ অনুপাত ৩১.৫৪ শতাংশ, বঙালী অন্যৰ অনুপাত ৬৮.৪৬ শতাংশ।

লগতে মুঠ জনসংখ্যাৰ ভিতৰত চালে দেখা যাব যে, মুঠ জনসংখ্যাৰ ভিতৰত অসমীয়া হিন্দুৰ অনুপাত ৩২.০৮ শতাংশ, অসমীয়া মুচলমানৰ অনুপাত ৯.০৬ শতাংশ, (২৮,২৯,১০১),অসমীয়া খ্ৰীটান আৰু শিখৰ অনুপাত ১.৩৩ শতাংশ। আনহাতে মুঠ জনংখ্যাৰ ভিতৰত বঙালী হিন্দুৰ অনুপাত, ৯.১২ শতাংশ আৰু অন্য বঙালীৰ অনুপাত  ১৯.৮০ শতাংশ। গতিকে যদি ইয়াত ২০১১ ৰ জনগণনাৰ অনুসৰি অসমীয়া আৰু বঙালী লোকৰ সংখ্যাক চোৱা যায়

জাতি
হিন্দু
মুচলমান
অন্য
অসমীয়া
১,০০,১১,৮৯২
২৮,২৯,১০১
৪,১৬,২৭৮
বঙালী
২৮,৪৫,৯৪৯
প্ৰায় ৬০ লাখ*
প্ৰায় ২.৫ লাখ*
অন্য
৬৩,২২,৯১৯
১৮,৭১,৫৩৯*
৬,৪৯,৫৮৯*
মুঠ
১,৯১,৮০,৭৫৬
১,০৬,৭৯,৩৪৫
১৩,৪৫,৪৭২

তালিকা ৯

দৰকাৰী কথা: ইয়াত মুচলমান অৰু অন্য সংখ্যাটো আনুমানিক হে প্ৰকৃত সংখ্যাটো ইয়াতকৈ বেছিও হব পাৰে নাইবা কমো হব পাৰে।

ইয়াৰে ৭ লাখ মুচলমান আৰু ১২ লাখ হিন্দুৰ ভিতৰতে ৫ লাখ বঙালী হিন্দুৰ নাম NRC নাই।

এতিয়া যদি বাংলাদেশৰ মুচলমান আৰু হিন্দু জনসংখ্যাৰ ওপৰত দৃষ্টি দিয়া যায়, তেতিয়া অসমৰ এক নতুন চবি দেখিবলৈ পোৱা যায়। কাৰণ বাংলাদেশৰ জনগণনাৰ অনুসৰি,

বচৰ
মুচলমান (%)
হিন্দু (%)
১৯৫১
৭৮.৯০
২২
১৯৬১
৮০.৪০
১৮.৫০
১৯৭৪
৮৫.৪০
১৩.৫০
১৯৮১
৮৬.৬০
১২.১০
১৯৯১
৮৮.৩০
১০.৫০
২০০১
৮৯.৭০
৯.২০
২০১১
৯০.৩৯
৮.৩০
তালিকা ১০ (বাংলাদেশৰ জনগণনা)

ইয়াত যদি চোৱা যায় তেনেহলে দেখা যাব যে ১৯৫১ ৰ তুলনাত ২০১১ লৈ মুচলমানৰ অনুপাত ১১.৪৯% বৃদ্ধি হৈছে আৰু ১৯৭৪ ৰপৰা ২০১১ লৈ এই অনুপাত ৪.৯৯% বৃদ্ধি হৈছে আনহাতে হিন্দুৰ অনুপাত ১৯৫১ ৰপৰা ২০১১ লৈ ১৩.৭০% হ্ৰাস পাইছে আৰু ১৯৭৪ ৰপৰা  ২০১১ লৈ ৫.২৪% হ্ৰাস পাইছে এতিয়া যদি এই অনুপাত অসমৰ ক্ষেত্ৰত চোৱা যায় তেতিয়া দেখা যাব যে ১৯৫১ ৰপৰা ২০১১ লৈ মুচলমানৰ অনুপাত ৯.৩৬% বৃদ্ধি পাইছে আৰু ১৯৭১ ৰপৰা ২০১১ লৈ ৯.৬৫% বৃদ্ধি পাইছে আনহাতে হিন্দুৰ অনুপাত ১৯৭১ ৰপৰা ২০১১ লৈ ১১.০৪% হ্ৰাস পাইছে। গতিকে বাংলাদেশ আৰু অসমৰ অনুপাতৰ ক্ষেত্ৰত বিশেষ পাৰ্থক্য চকুত নপৰে। কিন্তু ইয়াত মন কৰিবলগীয়া কথা এইটো যে ১৯৭৪ ৰপৰা (অসমৰ ক্ষেত্ৰত ১৯৭১) ২০১১ লৈ বাংলাদেশ আৰু অসমৰ মুচলমানৰ অনুপাতৰ ক্ষেত্ৰত এক ওলোটা চবি দেখিবলৈ পোৱা যায়। কাৰণ এই সময়চোৱাত বাংলাদেশত কেৱল ৪.৯৯ বিপৰীতে অসমত ৯.৬৫ অনুপাতত মুচলমান বাঢ়িছে। অৰ্থাৎ যিতু সংখ্যা বাংলাদেশত হব লাগিছিল সেইটো সংখ্যা অমসত হৈছে।


মন্তব্য


অসমত বাংলাদেশৰপৰা নাগৰিকৰ প্ৰৱেশ এতিয়াৰ বা ১৯৫১ ৰপৰায়ে নহয়, ই ১৯০১ ৰপৰায়ে  চলি আহিছে। ১৯২১ ৰপৰা ১৯৩১ লৈ আৰু ১৯৫১ ৰপৰা ১৯৭১ লৈ এই সংখ্যা ব্যাপক হৈছে। ইয়াত মুচলমান জনসংখ্যা ব্ৰহ্মাপুত্ৰ উপত্যকাত ১৯১১ ত ৩,৬৫,৫৪০ ৰপৰা ১৯২১ ত ৫,৯৪,৯৮১ আৰু ১৯৩১ ত এই সংখ্যা ৯,৫৩,২৯৯ হয়গৈ। ইয়াৰে কামৰুপ জিলাত ১৯২১ ৰ ৪৪,০০০ ৰপৰা ১৯৩১ ত ১,৩৪,০০০ মুচলমান জনসংখ্যা হয়গৈ। আনহাতে এই সময়চোৱাত হিন্দু নাগৰিক (বিশেষকৈ বঙালী) সকলোয়ে এক ব্যাপক হাৰত অসমত প্ৰৱেশ কৰি আহিছেসেয়েহে চি. এচ. মুল্লানে ১৯৩১ চনত এই বিষয়ে কৈছিল যে,

Probably the most important event in the province during the last 25 years- an event, moreover, which seems likely to alter permanently the whole feature of Assam and to destroy the whole structure of Assamese culture and civilization, has been the invasion of a vast horde of land-hungry immigrant, mostly Muslims, from the districts of East Bengal.

ভাৰত স্বাধীন হোৱাৰ পিচতো অসমত বাংলাদেশৰপৰা বহুতো লোকে প্ৰৱেশ কৰি আহিছে, বিশেষকৈ ১৯৫১ ৰপৰা ১৯৯১ লৈ। ইয়াৰে ১৯৫১ ৰপৰা ১৯৭১ লৈ আভ্যান্তৰিণ ৰাজ্যৰপৰা ৮.৫৭ লাখ আৰু বহিঃদেশৰপৰা ১৫.৮৫ লাখ অৰ্থাত মুঠ প্ৰায় ২৪.৪২ লাখ লোকে (হিন্দু – মুচলমান উভয়ে) অসমত প্ৰৱেশ কৰিছে। কিন্তু অনুপ্ৰৱেশকাৰী এটা সমস্যা আৰু অনুপ্ৰৱেশকাৰী ব্যাপক বংশ বৃদ্ধিয়ে আন এটা সমস্যাৰ সৃষ্টি কৰে। ধৰি লওক এটা অঞ্চলত (ক নাগৰিক) ৭০ জন নাগৰিক (ইয়াত ৩৫ টা পৰিয়াল) বসবাস কৰি আছে তাত (খ নাগৰিক) ৩০ জন নাগৰিকে (ইয়াত ১৫ টা পৰিয়াল) প্ৰৱেশ কৰিলে। অৰ্থাৎ জনসংখ্যা হল ১০০ আৰু অনুপাত হল ক ৭০ আনহাতে খ ৩০। কিন্তু কেই বচৰ পিচত জনসংখ্যা গণনা কৰোতে পোৱা গল যে ক নাগৰিক ৭০ জন পৰা ১০৫ জন হল, গতিকে ধৰি লোৱা হল ৩৫ টা পৰিয়ালে ১ টাকৈ সন্তান জন্ম দিলে আনহাতে খ  নাগৰিক ৭৫ জন হল গতিকে ধৰি লোৱা হল যে সেই ১৫ টা পৰিয়ালে ৩ টাকৈ সন্তান জন্ম দিলে। গতিকে মুঠ জনসংখ্যা হল ১৮০, ইয়াৰে কৰ অনুপাত হব (১০৫*100/১৮০) ৫৮ আনহাতে খ ৰ অনুপাত হব ৪২। গতিকে এটা সময়ৰ পিচত অনুপ্ৰৱেশ বন্ধ কৰিলেও এক ওলোটা চবি দেখিবলৈ পোৱা যাব।

এখন দেশত জনসংখ্যাৰ বৃদ্ধি, বংশ বৃদ্ধিৰ ফলত হয় আৰু অনুপ্ৰৱেশ কৰাৰ ফলতো হয়। জনসংখ্যা বৃদ্ধি হোৱাটো কোনো আচৰিত কথা নহয়, আচৰিত কথা হল এক ব্যাপক হাৰত বৃ্দ্ধি আৰু তাতকৈও আচৰিত বিষটো হল যে সেই জনসংখ্যাৰ এক বুজন সংখ্যক নাগৰিক বহিঃ দেশৰপৰা অহা হয় অৰ্থাৎ অনুপ্ৰৱেশকাৰী, লগতে ইয়াতকৈও চিন্তনীয় বিষয়টো হৈছে সেই বহিঃ দেশৰ নাগৰিক সকলোৰ নেতৃত্ব যদি কোনোবা ৰাজনৈতিক দলে কৰে (বিশেষকৈ বহিঃদেশ মূলৰ নাগৰিক) আৰু তাতকৈও ভয় লগা কথাটো হৈছে, সেই বহিঃ দেশ মূলৰ নাগৰিক সকলে ৪০ শতাংশকৈ অধিক ৰাজ্যত নিজৰ স্বায়িত্ব স্থাপন কৰে আৰু চৰকাৰ সলনি কৰি নিজৰ চৰকাৰ বনোৱাৰ ক্ষমতা অৰ্জন কৰে।

অনুপ্ৰৱেশকাৰীৰ সংখ্যা বৃদ্ধি হোৱাৰ অৰ্থ হৈছে সেই সকলোৰ ভাষা সংস্কৃতিৰ সংখ্যা বৃদ্ধি হোৱা। অসমত অসমীয়া ভাষা কোৱা লোকৰ অনুপাত কমি আহিছে, কিন্তু এইটোও মনত ৰখা উচিত যে অসমত হিন্দু সম্প্ৰদায়ৰ অনুপাত এক ব্যাপক হাৰত কমি আহিছে। শুদ্ধ NRC অসমৰ কাৰণে ৰক্ষা কৱচ প্ৰমাণিত হলহেতেন, যদিও CAA, ২০১৯ ৰ জৰিয়তে হিন্দু সকলে নাগৰিকত্ব পালেহেতেন কিন্তু ১৯৭১ ৰ পিচত অহা মুচলমানসকলে নাগৰিকত্ব নাপালেহেতেন আৰু এইটো নিশ্চিত যে সেই মুচলমানৰ সংখ্যা ৭ লাখতকৈ বহু বেছি হলহেতেন। কিন্তু সেই NRC য়ে অসমীয়া লোক সকলোৰ কাৰণে ৰক্ষা কৱচ হোৱাৰ বিপৰীতে অন্য সম্প্ৰদায়ৰ কাৰণে ৰক্ষা কৱচ প্ৰমাণিত হল আৰু আমি কোনো গণ আন্দোলন নকৰিলো; আনকি উচ্চতম ন্যায়লয়ৰো কাষ চাপিবলৈ পাহৰি গলো কিন্তু অৱশেষত গৈ কেৱল APW (Assam Public Work) সভাপতি অভিনাশ শৰ্মায়ে উচ্চতম ন্যায়লৰ কাষ চাপিলে।

১৯৪৭ চনত যদি আমি ভাৰতৰ অংশ নহয় বাংলাদেশৰ অংশ হলোহেতেন তেনেহলে আজি সেই অনুপ্ৰৱেশকাৰীৰ সকলোৰ ঠাইত আমাৰ নাম থাকিলেহেতেন যিদৰে বাংলাদেশত থকা অসমীয়া হিন্দু আৰু অসমীয়া মুচলমান বিদেশী হৈ ৰল।

অসমত থকা বহুতো অনুপ্ৰৱেশকাৰী নাগৰিকে অসমীয়া ভাষা গ্ৰহণ কৰিছে কিন্তু আগলৈও কৰিব নে নকৰে সেইটো সময়ে নিৰ্ণয় কৰিব। 

👈👆পিচৰ অধ্যায়লৈ                                                                আগৰ অধ্যায়লৈ👆👉

The Issue of Assam (1931 to 2011) | অধ্যায় ২| অসমত মুচলমানৰ সংখ্যা, হিন্দু আৰু বিৱৰণ The Issue of Assam (1931 to 2011) | অধ্যায় ২| অসমত মুচলমানৰ সংখ্যা, হিন্দু আৰু বিৱৰণ Reviewed by Paramartha on January 18, 2020 Rating: 5

No comments:

Powered by Blogger.