Amazon Best Deal

ইতিহাস পুনৰাবৃত্তি


ইতিহাস পুনৰাবৃত্তি | History repeats
ইতিহাস পুনৰাবৃত্তি


ইতিহাস পুনৰাবৃত্তি



সময়ে নিৰ্ণয় কৰে সকলোৰে ভাগ্য, সময়ে নিৰ্ণয় কৰে সমাজৰ ভাগ্য, কোনোয়েও এই সময়ৰপৰা শাৰি যাব নোৱাৰে। কাৰণ সময়ে বিভিন্ন পৰিস্তিতিৰ মাধ্যমেৰে সুচনা কৰে ইতিহাসৰ অধ্যায়। এই সময়ে হৈছে ইতিহাস পুনৰাবৃত্তিৰ আন এটা নাম।

ইতিহাস হৈ যোৱা কোনো ঘটনা এটাক, সেই সময়ত গৈ (বৰ্তমানলৈকে) চাব পৰা নাযায়। আমি কেৱল পঢ়িহে সেই ঘটনাটো অনুভব কৰিব পাৰো। কিন্তু এই ক্ষেত্ৰত কেতিয়াবা এনে অনুভৱ হয় যেন ইতিহাস সদায় পুনৰাবৃত্তি হৈ থাকে। দিন সলনি হয়, ৰাতি সলনি হয় কিন্তু যেন সেই দিন আৰু ৰাতিয়ে একেটা সময়কে এক নতুন ৰুপত নিজকে উপস্থাপন কৰে। আমি যেন সেই সময়ৰ কেৱল মাত্ৰ পুতলা এটা। আমি ভাবো যেন আমি কামবোৰ কৰি আছো, কিন্তু সেই কাম সমূহ সময়ে আমাক কৰিবলৈ বাধ্য কৰায়সময়-পৰিস্তিয়ে এজন মানুহক নতুম ৰুপে গঢ় দিয়ে। সময়ৰ পাক-চক্ৰয়ে নিৰ্ণয় কৰে এজন মানুহৰ, এখন সমাজৰ, এটা সম্প্ৰদায়ৰ, এখন দেশৰ ভৱিষ্য়। সময়ে বিভিন্ন আহিলাৰ সহায়ত নিজৰ কাম বোৰ কৰে। যেনে, মানুহৰ সহায়ত সময়ে এই পৃখৱীৰ ভাগ্য নিৰ্ণয় কৰি আছে। এজন মানুহে যিমানে ইতিহাস নপঢ়োক কিয়, এই সময়ক বুজি পোৱা ইমান সহজ নহয়। সেই মানুহজনে কেৱল এটা আভাস পাব পাৰে কিন্তু সেই আভাস ভুলো হব পাৰে। হব পাৰে সময়ে সেই মানুহ জনৰ সম্মুখত এনেকোৱা পৰিস্থিতি উন্ন কৰি, তেখেতক ভুল এটা আভাস দিছে যাতে সেই মানুহ জনৰ সহায়তে সময়ে নিজৰ কাম সম্পূৰ্ণ কৰিব পাৰে। সেয়েহে সময়ক কেৱল সময়ে বুজি পায়। যিহক, আৰু বেচি আধ্যাতমিকত নাযাও নহলে মোকো বাবাজী বুলি ঠাট্টা কৰিব পাৰে। এতিয়া আহো এই Lecture মাৰাৰ কাৰণটোলৈ কাৰণ হল, কাশ্মিৰৰ এটা লেখ পঢ়িবলৈ পালো (হব পাৰে সময়ে মোক সেই লেখটো পঢ়িব দিলে যাতে মই এই লেখ লিখো আৰু এই লেখ হব পাৰে কোনো বিশেষ ব্যক্তিৰ কাৰণে সহায়ক)তাত এটা ঘটনাৰ কথা উল্লেখ আছিল। এই ঘটনাটোয়ে ৬০০ বচৰীয়া ইতিহাস সোৱৰাই।

মই কাশ্মীৰৰ সেই ঘটনাটোলৈ যাও যিটো ঘটনায়ে মোক এই লেখ লিখিবলৈ অনুপ্ৰাণিত কৰিলে। আজিৰপৰা প্ৰায় ৬৮২ বচৰ আগতে অৰ্থা ১৩৩৮ চনত কাশ্মীৰত পোন-প্ৰথমবাৰৰ বাবে সুবিধা বুজি লোহাৰ ৰাজবংশৰ মন্ত্ৰী শাম্সুদিনে মুছলমান শাষন আৰম্ভ কৰে আৰু ৰজাৰ আসনত বহে। ইয়াৰ পিছতে ১৩৮৯ চনত কাশ্মীৰৰ ৰজা হয় চিকান্দাৰ শাহ মিৰ (১৩৮৯-১৪১৩) আৰু কাশ্মীৰৰ ৰাইজৰ জীৱন এটা অন্ধকাৰ গুহাৰ মাজত আবদ্ধ হৈ যায়। বিশেষকৈ হিন্দু সম্প্ৰদায়ৰ লোকৰ জীৱন সেই সম্প্ৰদায়ৰ লোকৰ উপৰত বৰ্বৰতা আৰম্ভ হয়, ধৰ্ম পৰিৱৰ্তন কৰিবলৈ বাধ্য কৰা হয়। আনকি ৰাইজক কোৱা হয় যে হয় ধৰ্ম পৰিৱৰ্তন কৰক নহয়তুবা কাশ্মীৰ এৰি যাওঁক। ফলত কাশ্মীৰী হিন্দু সকলে নিজৰ ঘৰ দোৱাৰ এৰি অন্য ঠাইলৈ গুচি যায়। ১৪১৩ লৈকে এইদৰে কাশ্মীৰী ৰাইজ বিশেষকৈ হিন্দু ৰাইজ চিকান্দাৰ শাহ মিৰৰ বৰ্বৰতা সহ্য কৰি গৈ থাকে। ১৪১৩ ৰ পিচত কাশ্মীৰৰ ৰাজনীতিত কিছু উথন পতন হয় আৰু ১৪১৮ চনত ৰজা হয় জেইন-উল-আবিদীন (১৪১৮-১৪১৯ আৰু ১৪১৯-১৪৭০) আৰু কাশ্মীৰৰ অন্ধকাৰ সমাজখনত সূৰ্য্যৰ ৰশ্মীয়ে দেখা দিয়ে। তেখেত ধৰ্ম নিৰপেক্ষ ৰজা আছিল। তেখেতে কাশ্মীৰ এৰি যোৱা হিন্দু লোকসকল কাশ্মীৰত আবিহলৈ অনুৰোধ কৰে। এইদৰে কাশ্মীৰত শান্তিয়ে বিৰাজ কৰে। কাশ্মীৰৰ ৰাইজে এই মহান ৰজা জনক বৌদ্ধ শাহ নাম দিয়ে আৰু তেখেত এই নামেৰে জনপ্ৰিয় হয়। তেখেতে ১৪৭০ চনলৈকে শাষণ কৰে।

এয়া আছিল কাশ্মীৰৰ ইতিহাসৰ এক অধ্যায়; কিন্তু পৃথিৱী ঘূৰণীয়া; এটা সময়ৰ পিচত আমি আকৌ সেই একে ঠাইলৈ ঘূৰি আহোঁ। ঘূৰি অহা লৈকে সেই ঠাইৰ কিছু সাল-সলনি হব পাৰে কিন্তু মাটি ডোখৰ সলনি নহয়। ঠিক সেইদৰে কাশ্মীৰী ৰাইজ বিশেষকৈ হিন্দু সকল, কাশ্মীৰৰ ইতিহাসৰ সেই অধ্যায়টোলৈ ৬০০ বচৰ পিচত আকৌ ঘূৰি আহে। পৰিৱৰ্তিত সময়ে নিজৰ খেল খেলে। এই সময়ে বিভিন্ন ধৰণৰ পৰিস্তিতি উন্ন কৰি ৬০০ বচৰ পিছত অৰ্থা ১৯৮৭ চনত জন্ম দিয়ে হিয্ব-উল-মুজাহিদিনৰ প্ৰমুখ চেয়াদ চাল্লাহ উদ্দীনৰ নিচিনা উগ্ৰপন্থীক। ফলত কাশ্মীৰত আকৌ বৰ্বৰতা আৰম্ভ হয়। ১৯৮৯ চনৰ কাশ্মীৰী পণ্ডীতৰ ওপৰত কৰা বৰ্বৰতাৰ কথা সকলোৱে জানে। কাশ্মীৰৰ হিন্দু সকলে এই বৰ্বৰতা সহ্য কৰি থাকে যেতিয়ালৈকে বৌদ্ধ শাহৰ জন্ম নহয়। যিদৰে সময়ে বিভিন্ন পৰিস্তিতিৰ মাধ্যমেৰে চিকান্দৰ শাহ মিৰক এক নতুন ৰুপত জন্ম দিছিল ঠিক সেইদৰে এই সময়ে জেইন-উল-আবিদীনক অৰ্থা বৌদ্ধ শাহক এক নতুন ৰুপত জন্ম দিয়ে। ৬০০ বচৰ পিছত অৰ্থা ২০১৮-২০১৯ ত কাশ্মীৰৰপৰা অনুশ্চেদ ৩৭০ গুচাই লোৱা হয় আৰু কাশ্মীৰী হিন্দু সকলোক তাত আমন্ত্ৰণ জনোৱা হয়। অৱশ্যে কাশ্মীৰত এতিয়াও কিছু অস্থিৰতা থকা বুলি শুনা গৈ আছে। এইটো থাকিবও কাৰণ চাগে বৌদ্ধ শাহে প্ৰথমে ১৪১৮ ৰপৰা ১৪১৯ লৈ শাষণ কৰিছিল কিন্তু ১৪২০ ৰপৰাহে তেখেতে নিৰন্তৰে ১৪৭০ লৈকে কাম কৰি গৈ থাকে। মোৰ অনুমান এই সময়ে চাগে কাশ্মীৰৰ ক্ষেত্ৰত সময়ৰ Discipline Maintain কৰি আছে। অৰ্থা ২০২০ ত সম্পূৰ্ণ ৬০০ বচৰ হব আৰু তেতিয়া চাগে কাশ্মীৰৰ ৰাইজ সম্পূৰ্ণ ৰুপে শান্তিত বসবাস কৰিব পাৰিব। এইটো সময়ে কবে যে ভবিষ্য কি হ

এই ঘটনাটোৰপৰা মই এইটো ভালদৰে জানিলো যে ইতিহাস পুনৰাবৃত্তিএই ক্ষেত্ৰত অসমৰো কথা উল্লেখ কৰিব পাৰি। অসমত বৰ্তমান যি ঘটনা ঘটি আছে সেই ঘটনা আজিৰপৰা ৪০ বচৰ আগতে ঘটি গৈছে নাইবা হব পাৰে ইয়াতকৈও আগতে এই ঘটনাটো অন্য ৰুপত ইতিহাসৰ পৃষ্টাত লোকাই আছেএতিয়া আকৌ সেই ঘটনাটোৱে নতুন ৰুপত আহিছে। ভৱিষ্য কি হব সেইটো সময়ে কব আমি কেৱল অনুমানহে কৰিব পাৰো। 

ইতিহাস আৰু বৰ্তমানৰ ঘটনা সমূহে এটা দূৰবীণৰ সৃষ্টি কৰে যাৰ জৰিয়তে আমি ভৱিষ্য়ত হব পৰা ঘটনাসমূহ দেখিবলৈ পাও। কিন্তু এই ক্ষেত্ৰত দূৰবীণটো ভালদৰে সৃষ্টি হৈছে নে নাই সেইটো জনা বহুত প্ৰয়োজন, নহলে সেই দূৰবীণে ভুল ভৱিষ্য় দেখাব পাৰে উদাহৰণস্বৰুপে, তিনিজনৰ ভিতৰত এজন মানুহে দূৰবীণৰ মাধ্যমেৰে দেখিবলৈ পালে যে কিছুমান হৰিণা দৌৰি আহি আছে; তেতিয়া তেখেতে গৈ গাওঁৰ মানুহক কলে যে ভয়ৰ কথা নাই কেৱল হৰিণাসকল দৌৰি ইয়ালৈ আহি আছে। দ্বিতীয় মানুহটোৱে সৃষ্টি কৰা দূৰবীণেৰে চাই দেখিবলৈ পালে যে সেই হৰিণা সকলোৰ পিছত বাঘ দৌৰি আছে; তেতিয়া তেখেতে গাওঁৰ মানুহক অস্ত্ৰলৈ থাকিবলৈ কলে যাতে বাঘ আহিলে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰে কিন্তু গাওৰ কিছুমান মানুহে তেখেতৰ কথাত বিশ্বাস নকৰি শান্তিত থাকিল আৰু কিছুমান মানুহে অস্ত্ৰ লৈ থাকিল। শেষৰ মানুহজনে নিজৰ দূৰবীণেৰে দেখিবলৈ পালে যে বহু দূৰত জ্বলামুখি ফাটিচে আৰু সেই বাবে সকলোৱে দৌৰি আছেতেখেতে গৈ গাওঁৰ মানুহক সেই ঠাই এৰি যাবলৈ কলে কিন্তু কিছুমান মানুহেয়ে তেখতৰ কথাত বিশ্বাস কৰিলে। কিছু সময় পিছত হৰিণ সকল দৌৰি আহি গুচি গল তেতিয়া গাওঁৰ মানুহে প্ৰথম মানুহজনক ধন্যৱাদ জনালে কিন্তু অলপ সময় পিচত বাঘবোৰ অহাত মানুহে দ্বিতীয় মানুহজনক ধন্যৱাদ দিলে আৰু প্ৰথম মানুহজনক দিলে গালি। কিন্তু শেষত জ্বলামূখি অহাত পলাই যোৱা মানুহে তৃতীয় মানুহজনক ধন্য়ৱাদ দিলে আৰু প্ৰথম দুজন মানুহক গালি দিলে। এই উদাহৰণটো মই এই কাৰণে দিলো যে আমি নিৰপেক্ষভাবে সকলোৰে কথা শুনি, সকলোৱে মিলি ভৱিষ্যৰ কথা চিন্তা কৰি নিজৰ লোভ, মোহ, হিংসা, ক্ৰোধ, অহংকাৰ এৰি নিৰ্দিষ্ট এটাহে সিদ্ধান্ত লব লাগে যাতে ৰাষ্টা ভিন্ন নহয় আৰু সকলোৱে মিলি এটা ৰাষ্টাতে উন্নতিৰ শিখৰলৈ যাব পাৰো নহলেটো সময় ৰৈয়ে আছে ইতিহাসৰ অধ্য়ায়সমূহ লৈ; ইতিহাস পুনৰাবৃত্তি কৰিবলৈ। আজিৰপৰা চাগে ৩৫-৪০ বচৰ পিচতহে জানিব পৰা যাব যে আজিৰ এই পৰিস্তিতিয়ে কোনটো ইতিহাসৰ পুনৰাবৃত্তি কৰিবলৈ গৈ আছে।

বিৱৰণ:


১) ওপৰত উল্লেখ কৰা লোভ, মোহ, হিংসা, ক্ৰোধ, অহংকাৰ সকলোৰে ক্ষেত্ৰতে প্ৰযোজ্য (মোৰ ক্ষেত্ৰটো প্ৰযোয্য়) যদি কোনোবায়ে ভাবিছে যে তেখেতৰ এইবোৰ নাই তেনেহলে তেখেত হয়টো প্ৰকৃত সন্যাক্ষী মানুহ, নহয়টো তেখেতে মিচা মাতি আছে, নাইবা তেখেতে নিজৰ অন্তৰৰ কথায়ে নাজানে। সমাজত বসবাস কৰা প্ৰতিজন ব্যক্তিৰে এইবোৰ থাকিবয়ে। পৰিমাণ কম বেচি হব পাৰে কিন্তু থাকিবয়ে আৰু কিমান পৰিমাণে আছে সেইটো তেখেতৰ লক্ষ্য পূৰণ হোৱাৰ পিচতহে গম পোৱা যাব। কাৰণ কোনোবায়ে কৈছিল,

মানুহৰ প্ৰকৃত স্বৰুপ ক্ষমতা পোৱাৰ পিচতহে গম পোৱা যায়।

  ধন্যবাদ

ইতিহাস পুনৰাবৃত্তি ইতিহাস পুনৰাবৃত্তি Reviewed by Paramartha on January 10, 2020 Rating: 5

No comments:

Powered by Blogger.