Amazon Best Deal

জানক সকলোবোৰ | নাগৰিকত্ব আইন, সংশোধন, IMDT, NRC আৰু CAA, ২০১৯

জানক সকলোবোৰ | নাগৰিকত্ব আইন, সংশোধন, IMDT, NRC আৰু CAA, ২০১৯
জানক সকলোবোৰ | নাগৰিকত্ব আইন, সংশোধন, IMDT, NRC আৰু CAA, ২০১৯

জানক সকলোবোৰ | নাগৰিকত্ব আইন, সংশোধন, IMDT, NRC আৰু CAA, ২০১৯


সমগ্র অসমত কেৱল নাগৰিকত্ব আইন, NRC আৰু CAA ৰ জুই আৰু এই জুইয়ে জ্বলাই শেষ কৰি আছে অসমত বসবাস কৰা প্ৰতিজন ব্যক্তিক কোনেও যেন এই জুইৰপৰা শাৰী যাব পৰা নাই চাৰিওফালে কেৱল CAA বিৰোধীতা। কিন্তু এইখিনিতে এইটোও কব লাগিব যে  ইয়াক সমৰ্থন কৰা ব্যক্তিও আছেCAA ৰ বিৰোধিতা কৰা সকলৰ মতে এই আইনে অসম ধংসীব আৰু CAA ৰ সমৰ্থন কৰা সকলোৰ মতে এই আইনে অসমত কোনো ধৰণৰ বেয়া প্ৰভাব নেপেলাই। CAA ৰ বিৰোধিতা কৰা সকলোৰ মতে এই আইনে অসমীয়া ভাষা-সংস্কৃতিৰ ওপৰত বেয়া প্ৰভাৱ পেলাব কিন্তু আনফালে CAA ৰ সমৰ্থন কৰা সকলোৰ মতে এই আইনে অসমীয়া ভাষা-সংস্কৃতিৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় প্ৰতিজনে নিজৰ নিজৰ মত অনুসৰি যুক্তি প্ৰদান কৰি আছে আৰু সেই যুক্তি সমূহ সাধাৰণ যুক্তি নহয়। কিন্তু সেই যুক্তি সমূহক বুজিবলৈ হ'লে প্ৰথমে আপোনী নাগৰিকত্ব আইন আৰু CAA ৰ বিষয় জনাটো অত্যন্ত প্ৰয়োজনীয় আজি এই লেখৰ জৰিয়তে মই আপোনাক এই CAA ৰ বিষয় জনাবলে চেষ্টা কৰিম

CAA ২০১৯ ৰ বিষয়ে জনাৰ আগতে আমি প্ৰথমে জানিব লাগিব নাগৰিক অধিনিয়ম, ১৯৫৫ ৰ বিষয়; কাৰণ এইখন আইনতে কোন কোন নাগৰিকৰ ভাৰতীয় নাগৰিক হোৱাৰ যোগ্যতা আছে তাৰ সম্পূৰ্ণ ব্যাখ্যা দাঙি ধৰা আছে। 

নাগৰিকত্ব আইন, নাগৰিক অধিনিয়ম ১৯৫৫সংশোধন আৰু CAA, ২০১৯ 


২৬ নৱেম্বৰ, ১৯৪৯ চনত ভাৰতীয় সংবিধানখন আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰা হয় আৰু এই সংবিধানখনত নাগৰিকত্ব সম্পৰ্কীয় উপবন্ধবোৰ ধাৰা ২ ৰ  অনুচ্ছেদ ৫ ৰপৰা ১১ লৈকে  বৰ্ণনা কৰা আছেএই আইনৰ জৰিয়তে এজন নাগৰিকে চাৰি ধৰণে ভাৰতীয় নাগৰিক হব পাৰে। এই চাৰিটা ধৰণ হৈছে,
১) যদি নাগৰিকজন ভাৰকৰ বাসিন্দা হয় নাইবা তলত দিয়াৰ যিকোনো এটা হয়,
ক) ভাৰতত জন্ম গ্ৰহণ কৰা,
খ) নাগৰিক জনৰ মা নাইবা দেউতা কোনো এজন ভাৰতীয় নাগৰিক হয়, আৰু
গ) এই সংবিধান কাৰ্যকাৰী হোৱাৰ (২৬ জানুৱাৰী, ১৯৫০) ৫ বচৰৰপৰা ভাৰতত বসবাস কৰি আছে।
২) অনুচ্ছেদ ৬: এজন ব্যক্তি পাকিস্তানৰপৰা (মনত ৰাখিব: তেতিয়াৰ পাকিস্তানত এতিয়াৰ বাংলাদেশো আছিল) ভাৰতত আহিলে আৰু তেখেতৰ মা-দেউতা নাইবা ককা-আইতা অখণ্ড ভাৰতত জন্ম গ্ৰহণ কৰিছিল আৰু তলত দিয়া ২ টা চৰ্তৰ যিকোনো এটা তেখেতৰ ক্ষেত্ৰত প্ৰযোজ্য হয়,
ক) ১৯ জুলাই, ১৯৪৮ ৰ আগত পাকিস্তানৰপৰা ভাৰতলৈ স্থানান্তৰিত হৈছে আৰু ভাৰততে বসবাস কৰি আছে,
খ) ১৯ জুলাই, ১৯৪৮ ত বা তাৰ পিছত পাকিস্তানৰপৰা ভাৰতলৈ আহিছে, তেতিয়া তেখেতে ভাৰতীয় নাগৰিক হিচাপে নিজকে পঞ্জীয়ণ কৰিব লাগিব। পঞ্জীয়ণ কৰাৰ আগতে তেখেতে কমেও ৬ মাহ ভাৰতত বসবাস কৰিব লাগিব।
৩) অনুচ্ছেদ ৭: এজন ব্যক্তি যিজনে ১ মাৰ্চ, ১৯৪৭ ত পাকিস্তানত গুচি গৈছে; কিন্তু পিচত আকৌ ভাৰতত ঘুৰি আহিছে, তেনে ব্যক্তিজনে পঞ্জীকৰণ কৰি ৬ মাহ ভাৰতত থাকিলে ভাৰতীয় নাগৰিক হব পাৰিব। 
৪) এজন ব্যক্তি যিজনে ভাৰতৰ বাহিৰত বসবাস কৰে কিন্তু তেখেতৰ মা-দেউতা নাইবা ককা-আইতায়ে অখণ্ড ভাৰতত জন্ম গ্ৰহণ কৰিছিলে, তেনেহলে তেখেতে ভাৰতীয় নাগৰিকত্ব পাব কিন্তু তাৰ বাবে তেখেতে কূটনাতিজ্ঞ ধৰণে নাইবা গাওলীয়া প্ৰতিনীধি (पार्षदीय प्रतिनिधि/ Councilor representative) হিচাপে নিজকে পঞ্জীকৰণ কৰাব লাগিব।

নাগৰিকত্ব অধিনিয়ম১৯৫৫


উপৰত উল্লেখ কৰা নাগৰিকত্বৰ নিয়ম সমূহে এইটো কৈছে যে ১৯৫০ চনলৈ কোন কোন ভাৰতীয় নাগৰিক হব আৰু নাগৰিক অধিনিয়ম১৯৫৫ য়ে এইটো কয় যে ১৯৫০ ৰ পিচত কোন কোন ভাৰতীয় নাগৰিক হব।
ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১১ ৰ অধীনত, ভাৰতীয় নাগৰিকতা অৰ্জন আৰু তাৰ সমাপ্তকৰণ সম্বন্ধীয় আৰু তাৰ লগত জড়িত থাকিব পৰা সকলো বিষয়ৰে বিধি - বিধান প্ৰণয়ন কৰিবলৈ সংসদক অবাধ ক্ষমতা দি থোৱা আছে ইয়াৰ জৰিয়তে নাগৰিকত্ব অধিনিয়ম ১৯৫৫ পাছ কৰা হয়; যত নাগৰিকতা অৰ্জন আৰু তাৰ সমাপ্তকৰণৰ যাৱতীয় নিয়ম কানুনবোৰ স্থিৰ কৰি দিয়া হৈছেইয়াত ধাৰা ২ ৰ অনুচ্ছেদ ৫ ৰপৰা ৮ লৈকে কোন জন ব্যক্তিক ভাৰতীয় নাগৰিক বুলি কোৱা হব, তাৰ সম্পূৰ্ণ ব্যাখ্য়া দিয়া আছে।
নাগৰিক অধিনিয়ম, ১৯৫৫ ত ৫ টা নিয়মৰ কথা কোৱা হৈছে, ইয়াত কোন এজন ব্যক্তি ভাৰতৰ নাগৰিক হোৱাৰ যোগ্যতা অৰ্জন কৰিব পাৰিব সেই বিষয় বৰ্ণনা কৰিছে। এই ৫ টা নিয়ম তলত উল্লেখ কৰা হ,
১) জন্মৰ জৰিয়তে (By Birth): - ১৯৫০ চনৰ ২৬ জানুৱাৰী বা তাৰ পিচত ভাৰতত জন্ম গ্ৰহণ কৰা  ব্যক্তিজন ভাৰতীয় নাগৰিক হিচাপে বিবেচিত হব; কিন্তু তেখেত কোনো কূটনীতিবিদ আৰু কোনো বিদেশী শত্ৰুৰ সন্তান হব নালাগিব
২) বংশ পৰম্পৰা অনুযায় নাগৰিকতা (By Descent) : - ১৯৫০ চনৰ ২৬ জানুৱাৰী পিছত ভাৰতৰ বাহিৰত জন্ম গ্ৰহণ কৰা ব্যক্তিক ভাৰতীয় নাগৰিক বুলি কোৱা হব যদিহে তেখেতৰ জন্মৰ সময়ত তেখেতৰ দেউতা নাইবা মা  যিকোনো এজন ভাৰতীয় নাগৰিক হৈ থাকে এই দৰে বংশ পৰম্পৰা অনুযায় এইজন ব্যক্তি ভাৰতীয় নাগৰিকত্বা লাভ কৰিব পাৰিব। 
দৰকাৰী কথা : মাকৰ জৰিয়তে বিদেশত জন্ম গ্ৰহণ কৰা ব্যক্তিক নাগৰিকতা প্ৰদানৰ সুবিধা নাগৰিকতা (সংশোধন) অধিনিয়ম ১৯৯২ ৰ জৰিয়তে প্ৰদান কৰা হৈছিল
৩) প্ৰাকৃতিক ধৰণে নাগৰিকতা (By Naturalization) : - বিদেশী লোকেও কেইটামান চৰ্তসাপেক্ষে দেশীকৰণৰ বাবে দৰখাস্ত দি প্ৰাকৃতিক ধৰণে ভাৰতীয় নাগৰিকতা অৰ্জন কৰিব পাৰেকিন্তু ইয়াত বিদেশী নাগৰিক জনে প্ৰথমে ৪ বচৰ ভাৰতত থাকি তাৰ পিচত ভাৰতীয় নাগৰিকত্বৰ বাবে দৰখাস্ত কৰি ১ বচৰ Continue ভাৰতত থাকিব লাগিব। অৰ্থাৎ মুঠ ৫ বচৰ (৪ + ১ বচৰ) ভাৰতত থাকি, ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। এইটো ধাৰা ২ ৰ অনুচ্ছেদ ৬ অংশ হয়।) ইয়াত এটোও উল্লেখ কৰি থও যে সংবিধান মতে যিখন দেশে ভাৰতীয় বা ভাৰতীয় মূলৰ নাগৰিকক নাগৰিকত্ব নিদিয়ে ভাৰতেও সেইখন দেশৰ নাগৰিকক নাগৰিকত্ব নিদিয়ে।
উল্লেখনিয়: এই নিয়মটো (অৰ্থাৎ ধাৰা ২ ৰ অনুচ্ছেদ ৬) নাগৰিকত্ব (সংশোধন) অধিনিয়ম, ১৯৮৬ ত সময়সীমাৰ ক্ষেত্ৰত কিছু সলনি কৰা হৈছিল। কিন্তু এতিয়া নাগৰিকত্ব (সংশোধন) অধিনিয়ম, ২০১৯ ত মতামতি এই নিয়মটোকে ৩ খন বিশেষ দেশ আৰু ৬ টা বিশেষ সম্প্ৰদায়ৰ ক্ষেত্ৰত অনা হৈছে। 
৪) পঞ্জীকৰণৰ জৰিয়তে নাগৰিকতা (Registration) : কিছুমান বৰ্গৰ লোকে নিৰ্দিষ্ট কিছুমান চৰ্ত সাপেক্ষে নিৰ্দ্ধাৰিত ধৰণে নিজকে পঞ্জীভুক্ত কৰাই ভাৰতীয় নাগৰিকতা অৰ্জন কৰিব পাৰিব এই চৰ্তসমূহ হৈছে,
ক) সেইজন ব্যক্তি যিজনে পঞ্জীকৰণ প্ৰাৰ্থনা - পত্ৰ দিয়াৰ সময়ৰ ৬ মাহ আগৰেপৰা ভাৰতত বসবাস কৰি আছে
খ) সেইজন ভাৰতীয়  মূলৰ নাগৰিক  যিজনে অখণ্ড (Inseparable) ভাৰতৰ বাহিৰত বসবাস কৰি আছে।
দৰকাৰী কথা: ইয়াত ভাৰতীয় মূলৰ নাগৰিক সেইজন বিদেশত বসবাস কৰা ব্যক্তিক কোৱা হব যাৰ মা নাইবা দেউতা নাইবা মা দেউতাৰ মা-দেউতা নাইবা তেখেতৰো মা দেউতা এটা সময়ত অখণ্ড ভাৰতত বসবাস কৰিছিল। 
) সেই জন স্ত্ৰী, যিজনে ভাৰতীয় নাগৰিকৰ লগত বিয়া কৰিছে নাইবা বিয়া কৰিব
ঘ)  ভাৰতীয় নাগৰিকৰ নাবালক সন্তান
ঙ) ৰাষ্ট্ৰীয় মণ্ডলীয় দেশৰ নাগৰিক, যিয়ে ভাৰতত বসবাস কৰি আছে নাইবা ভাৰত চৰকাৰৰ চাকৰী কৰি আছে
এই সকল ব্যক্তিয়ে আৱেদন পত্ৰ দি পঞ্জীকৰণ পদ্ধতিৰে ভাৰতীয় নাগৰিক হব পাৰিব
৫) By Incorporation of Territory:  কোনো ৰাজ্যক্ষেত্ৰ যদি ভাৰতৰ অংগ হৈ পৰে তেনে স্থলত কোনবোৰ ব্যক্তি ভাৰতৰ নাগৰিক হব পাৰিব সেইটো ভাৰত চৰকাৰে যাৱতীয় আদেশৰ জৰিয়তে নিশ্চিত কৰিব পাৰিবGoa, Pondicherry, Sikkim ৰ লোক সকল এই আইনৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব প্ৰাপ্ত কৰিছে।   
নাগৰিক অধিনিয়ম ১৯৫৫ উল্লখিত এইবোৰ বিশেষ নিয়মৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব প্ৰাপ্ত কৰিব পাৰি।

দৰকাৰী কথা:

ভাৰত চৰকাৰে উপৰুক্ত কোনো এটা চৰ্ত নাইবা গোটেয়ে চৰ্ত সমূহ এনে এজন ব্যক্তিৰ ক্ষেত্ৰত গুচাই লব পাৰে যদি সেই ব্যক্তি জন বিশেষ সেৱা বিজ্ঞান, কলা, সাহিত্য, বিশ্ব শান্তি নাইবা মানব অধিকাৰৰ লগত সম্বন্ধ থাকে।


ভাৰতীয় নাগৰিকতাৰ অন্ত কেনেকৈ হব 


ভাৰতীয় নাগৰিকতাৰ অন্ত কৰিবলৈ ৩ টা নিয়মৰ কথা উল্লেখ আছে। এই ৩ টা নিয়ম হৈছে,
ক) স্ব-ইচ্ছাৰে ত্যাগ (By Renunciation):  নাগৰিক এজনে স্ব-ইচ্ছাৰে  ভাৰতীয় নাগৰিকতা ত্যাগ কৰিব পাৰে 
খ) বঞ্চিতকৰণৰ জৰিয়তে (By Deprivation) : তলত দিয়া কাৰণ সমূহৰ বাবে ভাৰত চৰকাৰে বঞ্চিতকৰণৰ জৰিয়তে এজন নাগৰিকৰ নাগৰিকত্ব কাঢ়ি লব পাৰে,
১) যদি নাগৰিকত্ব ভুৱা (Duplicate কৰি) ধৰণেৰে বনোৱা হয়।
২) যদি নাগৰিক জনে সংবিধানৰ প্ৰতি অনাদৰ দেখোৱাই।
৩) যদি নাগৰিক জনে যুদ্ধৰ সময়ত সত্ৰুৰ লগত বে-আইনী ভাবে মিত্ৰতা স্থাপন কৰিছে নাইবা সত্ৰুক ৰাষ্ট্ৰবিৰোধী কিবা তথ্য যোগান ধৰি দিছে। 
৪) পঞ্জীকৰণ নাইবা প্ৰাকৃতিক ধৰণে নাগৰিকত্ব পোৱাৰ ৫ বচৰৰ ভিতৰত যদি কোনোবাৰ বিদেশত ২ বচৰৰ কাৰণে Jail হয়।
৫) নাগৰিকজন ৭ বচৰৰপৰা বিদেশত বসবাস কৰি আছে আৰু এবাৰো ভাৰতলৈ ঘুৰি অহা নাই।
গ) বহিস্কৰণৰ জৰিয়তে (By Termination) কিছুমান বিশেষ কাৰণত চৰকাৰে এজন ব্যক্তিৰ নাগৰিকতা কাঢ়ি লব পাৰেধৰি লওক এজন ব্যক্তিয়ে আন দেশৰ নাগৰিকত্ব পাইছে; তেতিয়া তেখেতৰ ভাৰতীয় নাগৰিকত্ব কাঢ়ি লোৱা হব কাৰণ ভাৰতত Dual Citizenship ৰ সুবিধা নাই।  (উল্লেখনীয় ভাৰতীয় নাগৰিক সংশোধন আইন, ২০০৫ ত Dual Citizenship Act অনা হৈছিল, কিন্তু সেই আইনে Dual Citizenship লাভৰ কথা নকয়।)

ইয়াৰ উপৰিও কিছুমান বিশেষ Terms ৰ বিষয় আপোনী জানি থব পাৰে

১) NRI (Non Resident Indian): এজন ব্যক্তি যি জন Continue  ১৮০ দিন অৰ্থাৎ ৬ মাহ ভাৰতৰ বাহিৰত বসবাস কৰি আছে, তেখেতক NRI বুলি ঘোষণা কৰা হব আৰু তেখেতক NRI কাৰ্ড দিয়া হব। কিন্তু তেখেতে ভাৰতীয় নাগৰিকত্ব নেহেৰুৱায়ে। কিন্তু যদি তেখেতে ৭ বচৰ Continue ভাৰতৰ বাহিৰত থাকে আৰু এবাৰো ভাৰতত প্ৰৱেশ নকৰে তেনেহলে তেখেত NRI ৰপৰা PIO ত অন্তৰ্ভক্ত কৰা হব।
২) PIO (ভাৰতীয় মূলৰ নাগৰিক, Person of Indian Origin) : এই আইন খন  ২০০৩ ত অনা হয়। যদি কাৰোবাৰ মা বা দেউতা নাইবা তেখেতৰ ককা-আইতাসকল ভাৰতীয় নাগৰিক হয় তেনেহলে সেইজন ব্যক্তিক PIO অৰ্থাৎ ভাৰতীয় মূলৰ নাগৰিক (Person of Indian Origin) বুলি ধৰা হ; লগতে তেখেতৰ স্বামী নাইবা পত্নীকো (বিদেশৰ নাগৰিক হব লাগিব)  PIO হিচাপে ধৰা হব। এই PIO নাগৰিক সকলোক ভাৰত চৰকাৰে PIO কাৰ্ড দিব। এই কাৰ্ড পাকিস্তান আৰু বাংলাদেশক এৰি বিশেষ ১৬ খন দেশত থকা ভাৰতীয় মুলৰ নাগৰিকক প্ৰদান কৰা হব। (কিন্তু ২০১৫ ৰপৰা PIO OCI ৰ লগত সংলগ্ন কৰি দিয়া হৈছে।)
৩) OCI (Overseas Citizens of India) : এই আইন খন  ২০০৫ ত অনা হয় ইয়াত Dual Citizenship Act ৰ কথা উল্লেখ আছে। ইয়াত সেই সকল ব্যক্তিক ৰখা হয়, যি সকল ব্যক্তি এটা সময়ত ভাৰতীয় নাগৰিক আছিল কিন্তু পিছত ভাৰতীয় নাগৰিকত্ব হেৰাই পেৰাইছে। এই সকল ব্যক্তিকে OCI কাৰ্ড প্ৰদান কৰা হয়। (উল্লেখনীয় নাগৰিকত্ব (সংশোধন) অধিনিয়ম, ২০১৯ ৰ মতে এই OCI কাৰ্ডধাৰী সকল যদি স্থানীয় সৰু বা ডাঙৰ অপৰাধৰ লগত জড়িত হয় তেনেহলে সিহতৰ কাৰ্ড বাতিল কৰা হব।)
এই নাগৰিক অধিনিয়ম, ১৯৫৫ আইনখনত ৯ বাৰ সংশোধন কৰা হয়। এই সংশোধন সমূহ হৈছে,
১) নাগৰিকত্ব (সংশোধন) অধিনিয়ম, ১৯৫৭
২) নাগৰিকত্ব নাকচ (Replealing) এবং সংশোধন অধিনিয়ম, ১৯৬০
৩) নাগৰিকত্ব (সংশোধন) অধিনিয়ম, ১৯৮৫  (এই আইনত অসম চুক্তিৰ কথা উল্লেখ আছে)
৪) নাগৰিকত্ব (সংশোধন)অধিনিয়ম, ১৯৮৬
৫) নাগৰিকত্ব (সংশোধন)অধিনিয়ম, ১৯৯২
৬) নাগৰিকত্ব (সংশোধন)অধিনিয়ম, ২০০৩
৭) নাগৰিকত্ব (সংশোধন)অধিনিয়ম, ২০০৫
৮) নাগৰিকত্ব (সংশোধন)অধিনিয়ম, ২০১৫
৯) নাগৰিকত্ব (সংশোধন)অধিনিয়ম, ২০১৯ 
উপৰুক্ত সংশোধন সমূহ তলত আলোচনা কৰা হব কিন্তু তাৰ আগতে IMDT Act, ১৯৮৩ ৰ বিষয় জনাটোও দৰকাৰ। অৱশ্য এই আইনৰ এতিয়া কোনো অস্তিটো নাই।

IMDT আইন, ১৯৮৩


Illegal Migrants (Determination by Tribunals) Act, ১৯৮৩ (IMDT) ইয়াক অসমীয়াত অবৈধ অনুপ্ৰৱেশকাৰী (ন্যায়াধীকৰণৰ দ্বাৰা নিৰ্ধাৰণ) আইন, ১৯৮৩ বুলি কোৱা হয়। অসমৰ বিদেশী চিনাক্তকৰণৰ কাৰণে ১২ ডিচেম্বৰ, ১৯৮৩ চনত তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰে (কংগ্ৰেজ) এই IMDT আইন খন পাচ কৰাই। কিন্তু এই আইনখনে বিদেশী অনুপ্ৰৱেশকাৰী সকলোক সুৰক্ষাহে প্ৰদান কৰিলে। কাৰণ এই আইনৰ মতে কোনো ব্যক্তিৰ বিৰুদ্ধে যদি বিদেশী অনুপ্ৰৱেশকাৰী বুলি অভিযোগ দিয়া হয় তেনেহলে সেই ব্যক্তিজন বিদেশী অনুপ্ৰৱেশকাৰী হয়নে নহয় তাক প্ৰমাণ কৰাৰ দায়িত্ব কিন্তু সেই অভিযোগ দিয়া জনৰহে আৰক্ষী বা সেই বিদেশী বুলি কোৱা লোকজনৰ নহয়। অৰ্থা যিজন ব্যক্তিয়ে অভিযোগ দিয়ে সেইজন ব্যক্তিয়ে অভিযুক্ত বিদেশী ব্যক্তিৰ বিৰুদ্ধে তথ্য যোগান ধৰিব লাগিব। 
১৯৯২ চনৰ ১৯ ছেপ্টেম্বৰত পাচু গোপাল বৰুৱা আৰু তেখেতৰ লগতে কেইবাজনেও ব্যক্তিয়ে এই আইনখনৰ বৈধতাৰ ওপৰত প্ৰশ্ন কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ১৯৯৮ চনত সদৌ অসম ছাত্ৰ সন্থা, অসম চৰকাৰ আৰু তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ মাজত NRC আৰু IMDT আইখন বাতিল কৰাৰ কাৰণে এক আলোচনা হয় আৰু ১৯৯৯ চনৰ ১ ছেপ্টেম্বৰত এই আইখনৰ বিৰুদ্ধে প্ৰথম বাৰৰ বাবে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত এখন এফিডেফিট দাখিল কৰে। আনহাতে ২০০০ চনৰ এপ্ৰিল মাহত সদৌ অসম ছাত্ৰ সন্থাৰ তেতিয়াৰ সভাপতি সৰ্বানন্দ সোণোৱালে এই আইনখনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনায় আৰু অৱশেষত ১২ জুলাই, ২০০৫ ত উচ্চতম ন্যায়ালয়ে এই IMDT আইনখন বাতিল কৰে।
দৰকাৰী কথা:  
১) অবৈধ অনুপ্ৰৱেশকাৰী (ন্যায়াধীকৰণৰ দ্বাৰা নিৰ্ধাৰণ) আইন, ১৯৮৩ কেৱল অসমৰ কাৰণেহে প্ৰযোজ্য আছিল কিন্তু ভাৰতৰ আন ৰাজ্য সমূহৰ কাৰণে  অবৈধ অনুপ্ৰৱেশকাৰী বিদেশী আইন, ১৯৪৬ (Foreigners act,1946) হে প্ৰযোজ্য হয়।
২) প্ৰথম বাৰৰ বাবে NRC ১৯৫১ চনত উলিয়াইছিল কিন্তু তাৰ পিচত NRC কাম হোৱা নাই। কিন্তু ১৯৮৫ চনত তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰে অসমত NRC কৰিব বুলি আশ্বাস দিয়ে।
৩) অসমত NRC ৰ কাম আৰম্ভ নোহোৱাত ১৯৯৮ চনত সদৌ অসম ছাত্ৰ সন্থা, অসম চৰকাৰ আৰু তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ মাজত এক আলোচনা হয়। ইয়াৰ পিচত ২০০৩ চনত তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰে (BJP) সংসদত NRC কথা উঠাপন কৰে।
এয়া আছিল IMDT আইন, ১৯৮৩; এতিয়া গুৰুত্বপূৰ্ণ সংশোধন সমূহৰ বিষয় কিছু কথা জনা প্ৰয়োজন। তলত গুৰুত্বপূৰ্ণ সংশোধন সমূহ উল্লেখ কৰা হ,

নাগৰিকত্ব (সংশোধন) অধিনিয়ম, ১৯৮৫


অসম আন্দোলনৰ পিচত কেন্দ্ৰীয় চৰকাৰে Assam Accord ত চহী কৰিলে আৰু দফা ২ ৰ খণ্ড ৬ ত গুৰপত্বপূৰ্ণ বিন্দু সংলগ্ন কৰিলে। এই খণ্ড ৬ ত প্ৰাকৃতিকৰণৰ জৰিয়তে নাগৰিকত্ব প্ৰাপ্তৰ কথা উল্লেখ আছে আৰু ইয়াতে (ক) আৰু (ক) ৰ ১ ৰপৰা ৮ লৈকে Assam Accord ৰ কথা উল্লেখ কৰিছে। এই Assam Accord ত উল্লেখনীয় বিশেষ বিন্দুবোৰ হ
১) খণ্ড ৬ (ক) (২): ভাৰতীয় মূলৰ প্ৰতিজন ব্যক্তি যিয়ে ১ জানুৱাৰী, ১৯৬৬ ত অসমত আহিছে আৰু নিজৰ প্ৰৱেশৰ দিনৰেপৰা অসমৰ নাগৰিক হৈ আছে তেখেতক ভাৰতীয় নাগৰিক হিচাপে গ্ৰহণ কৰা হব আৰু তেখেতে ভাৰতীয় নাগৰিকৰ সকলোবোৰ সুবিধায়ে পাব।
২) খণ্ড ৬ (ক) (৩): ভাৰতীয় মূলৰ প্ৰতিজন ব্যক্তি যিয়ে ১ জানুৱাৰী, ১৯৬৬ ৰ পিচত কিন্তু ২৫ মাৰ্চ, ১৯৭১ ৰ আগত অসমত প্ৰৱেশ কৰিছে আৰু অসমত বসবাস কৰি আছে তেখেতক এজন বিদেশী হিচাপে চিনাক্তকৰণ কৰা হব আৰু তেখেতে ভাৰতীয় নিয়ম অনুসৰি নিজকে ভাৰতীয় নাগৰিক হিচাপে পঞ্জীভুক্ত কৰাব লাগিব। 
৩) ২৫ মাৰ্চ, ১৯৭১ ৰ পিচত অসমলৈ অহা নাগৰিকক চিনাক্ত কৰি, নাগৰিকত্বৰপৰা বহিস্কাৰ কৰি, নিজ নিজ দেশলৈ প্ৰেৰণ কৰাৰ বিহিত ব্যৱস্থা কৰা।
৪) অসমীয়া জাতিক সুৰক্ষা প্ৰদান কৰা। ইয়াৰ ব্যাখ্য়া তলত দিয়া হৈছে,
অসমীয়া মানুহৰ সংস্কৃতি, সামাজিক, ভাষাগত পৰিচয় আৰু অসমীয়া মানুহৰ পৰম্পৰা সুৰক্ষাৰ কাৰণে সংবিধান, আইনী আৰু প্ৰশাসনিক সুৰক্ষা প্ৰদান কৰা
Constitutional, legislative and administrative safeguards, as may be appropriate shall be provided to protect, preserve and promote the culture, social, linguistic identity and heritage of the Assamese people
দৰকাৰী কথা: ইয়াত “অসমীয়া মানুহ” সেই সকল ব্যক্তিক কোৱা হব যি সকলোৰ নাম NRC, ১৯৫১ (অসমৰ ক্ষেত্ৰত) ত আছে।
৫) অসমত NRC যুগুত কৰি উলিওৱা হব।
Assam Accord ৰ বিষয় জানিবলৈ আপোনী তলত দিয়া link টো click কৰক
Assam Accord ৰ ক্ষেত্ৰত চৰকাৰে কৰা কাম বোৰ পঢ়িবলৈ তলত Click কৰক

নাগৰিক (সংশোধন) অধিনিয়ম, ১৯৮৬ 


ক) এতিয়াৰপৰা ভাৰতত জন্ম গ্ৰহণ কৰা সেইজন ব্যক্তিকে নাগৰিকতা প্ৰদান কৰা হব, যি জনৰ মা নাইবা দেউতাৰ ভিতৰত কোনো এজন ভাৰতীয় নাগৰিক হয় 
খ) যি জন ব্যক্তি পঞ্জীকৰণৰ জৰিয়তে ভাৰতীয় নাগৰিক হব বিচাৰিছে এতিয়াৰপৰা তেখেতে কমেও পাঁচ বছৰ ভাৰতত বসবাস কৰিব লাগিব ইয়াৰ আগতে এই সময় সীমা ৬ মাহ আছিল
গ) প্ৰাকৃতিকৰণৰ জৰিয়তে নাগৰিকতা পাবলৈ হলে কমেও ১১ + ১ বচৰ (১৪ বচৰৰ ভিতৰত ১১ বচৰ আৰু এবচৰ Continue) বচৰ ভাৰতত বসবাস কৰিব লাগিব; তাৰ পিচতহে দৰখাস্ত দি ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব ইয়াৰ আগতে এই সময় সীমা ৫ বছৰ আছিল 
কিন্তু দৰখাস্ত দিয়াৰ আগতে সেই ব্যক্তিজন কমেও ১৪ বচৰৰ ভিতৰত ১১ বচৰ ভাৰতত থাকিব লাগিব তাৰ পিচতহে দৰখাস্ত দি ১ বচৰ Continue ভাৰতত থাকিব লাগিব। অৰ্থাৎ তেখেত ১১ + ১ = মুঠ ১২ বচৰ ভাৰতত থাকিব লাগিব। উদাহৰণস্বৰুপে, ধৰি লওক এজন ব্যক্তি জানুৱাৰী, ২০২০ ত ভাৰতত আহিছে। তেখেতে ভাৰতৰ নাগৰিক হব বিচাৰিচে। তেতিয়া তেখেতে প্ৰথমে ১৪ বচৰৰ ভিতৰত ১১ বচৰ ভাৰতত থকা হব লাগিব তাৰ পিচত আবেদন কৰি সম্পূৰ্ণ এবচৰ ভাৰতত থাকিব লাগিব; এবচৰ নোহোৱা পৰ্যন্ত তেখেত নিজৰ ঠাইত যাব নোৱাৰে। অৰ্থা তেখেতে যদি ২০৩১ লৈ ভাৰততে থাকে তেনেহলে তেখেতে ভাৰতীয় নাগৰিকৰ বাবে আবেদন কৰি আৰু ১ বচৰ ভাৰতত থাকি ভাৰতীয় নাগৰিকত্ব পাব পাৰে। (উল্লেখনীয় নাগৰিকত্ব সংশোধন অধিনিয়ম ২০১৯ ত এই বিষয়টোৰ সংশোধন কৰা হৈছে।) 
এই নাগৰিকতা সংশোধিত অধিনিয়ম, ১৯৮৬ জম্মু - কাশ্মীৰৰ আৰু অসমৰ লগতে ভাৰতৰ সকলো ৰাজ্যতে প্ৰয়োগ হব

নাগৰিকতা (সংশোধন) অধিনিয়ম, ১৯৯২


১৯৫০ চনৰ ২৬ জানুৱাৰী পিছত ভাৰতৰ বাহিৰত জন্ম গ্ৰহণ কৰা ব্যক্তিক ভাৰতীয় নাগৰিক বুলি কোৱা হব যদিহে তেখেতৰ জন্মৰ সময়ত তেখেতৰ মা নাইবা দেউতা যিকোনো এজন ভাৰতীয় নাগৰিক হৈ থাকেইয়াত নাগৰিকৰ মাকক অন্তভুক্ত কৰা হৈছে; ইয়াৰ আগলৈকে কেৱল দেউতাকৰ কথা উল্লেখ আছিল।
 

নাগৰিকতা (সংশোধন) অধিনিয়ম, ২০০৩


১) এতিয়াৰপৰা অৰ্থা ১ জুলাই, ১৯৮৭ ৰপৰা ২ ডিচেম্বৰ, ২০০৪ লৈ ভাৰতত জন্ম গ্ৰহণ কৰা সেইজন ব্যক্তিকে নাগৰিকতা প্ৰদান কৰা হব, যি জনৰ মা নাইবা দেউতাৰ ভিতৰত কোনো এজন ভাৰতীয় নাগৰিক হয় 
২) ২ ডিচেম্বৰ, ২০০৪ ৰ পিচত ভাৰতত জন্ম গ্ৰহণ কৰা সেইজন ব্যক্তিকে ভাৰতীয় নাগৰিকতা প্ৰদান কৰা হব যাৰ মা আৰু দেউতা ভাৰতীয় নাগৰিক হয়; নাইবা কোনো এজন ভাৰতীয় নাগৰিক হয় আৰু আনজন অবৈধ ভাবে ভাৰতত প্ৰৱেশ কৰা নহয়।
৩) NRC ৰ কাম আৰম্ভ কৰা।
৪) অবৈধ ভাবে প্ৰবেশ কৰাৰ অৰ্থ দুই প্ৰকাৰৰ হয়,
ক) যি জনে কোনো নথি পত্ৰ নোহোৱাকৈ ভাৰতত প্ৰবেশ কৰিছে, আৰু
খ) যি জনৰ Visa ৰ তাৰিখ উকলি যোৱাৰ পিছতো ভাৰতত বসবাস কৰি আছে।
৫) নাগৰিকতা সংশোধিত আইন, ২০০৩ এই আইনৰ জৰিয়তে PIO কাৰ্ডৰ ব্যৱস্থা কৰা হৈছিল। PIO কাৰ্ডৰ বিষয় উপৰত উল্লেখ কৰা হৈছে।

নাগৰিকতা (সংশোধণ) অধিনিয়ম, ২০০৫


নাগৰিকতা সংশোধিত আইন, ২০০৫ এই আইনৰ জৰিয়তে OCI কাৰ্ডৰ ব্যৱস্থা কৰা হৈছিল। OCI কাৰ্ডৰ বিষয় উপৰত উল্লেখ কৰা হৈছে।

নাগৰিকতা (সংশোধণ) অধিনিয়ম, ২০১৫ 


নাগৰিকতা সংশোধিত আইন, ২০১৫ ত সকলোবোৰ PIO কাৰ্ড ধাৰী ব্যক্তিক OCI কাৰ্ড প্ৰদান কৰা ব্যৱস্থা কৰা হৈছিল।
এই খিনি আছিল নাগৰিকত্ব আইনৰ মূল কথা। এতিয়া আছল কথালৈ আহোঁ।

নাগৰিকতা (সংশোধণ) অধিনিয়ম, ২০১৯


পাকিস্তান, আফগানিস্তান, আৰু বাংলাদেশৰ পৰা সাম্প্ৰদয়িক নিৰ্যাতন ভুগি ভাৰতত অহা হিন্দু, শিখ, বৌদ্ধ, জৈন পাৰ্চী, আৰু খৃষ্টান সম্প্ৰদায়ৰ লোকসকলৰ ভাৰতীয় নাগৰিকতা প্ৰদানৰ উদ্দেশ্যে চৰকাৰে ১৯ জুলাই, ২০১৬ ত সংসদত এখন বিল উপস্থাপন কৰেএই বিলখনৰ নাম আছিল নাগৰিক সংশোধন বিল (Citizenship Amendment Bill), ২০১৬ চমুকৈ CAB এই বিলখনে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা এই ৬ সম্প্ৰদায়ৰ লোকৰ নাগৰিকতা লাভৰ কথা কয়।
প্ৰচলিত নাগৰিকতা আইনৰ কিছুমান দিশ সলনি কৰিবলৈ ১৯ জুলাই ২০১৬ ত নাগৰিকতা সংশোধিত বিধায়ক, ২০১৬ সংসদত উপস্থাপন কৰা হল কিন্তু ৰাজ্যসভাত বহুমত নোহোৱাত বিলখন ৰাজ্যসভাৰপৰা পাচ নহয় আৰু ইয়াক ১২ আগষ্ট, ২০১৬ ত Joint Parliamentary Committee লৈ পঠোৱা হল আৰু Committee য়ে ৭ জানুৱাৰী, ২০১৯ ত নিজৰ Report চৰকাৰক দিয়ে ইয়াৰ পিচত চৰকাৰে এই বিলখন ৮ জানুৱাৰী, ২০১৯ ত লোকসভাত উপস্থাপন কৰে কিন্তু ৰাজ্য সভাত এই বিলখন উপস্থাপন নোহোৱাত বিলখন তেনেকৈয়ে ৰৈ থাকিল কিন্তু এইবাৰ ৯ ডিচেম্বৰ, ২০১৯ তাৰিখে লোকসভা আৰু ১১ ডিচেম্বৰত, ২০১৯ ত ৰাজ্য সভাৰপৰা বিলখন পাচ কৰাই আৰু ১২ ডিচেম্বৰত ৰাষ্ট্ৰপতিৰ চহীৰে এই CAB খন CAA, ২০১৯ অৰ্থা নাগৰিকত্ব আইন, ২০১৯ লৈ ৰুপান্তৰিত কৰা হল তলত CAA, ২০১৯ ৰ বিন্দুবোৰ উল্লেখ কৰা হল,
) ধাৰা ২ ৰ সংশোধন : নাগৰিকত্ব আইন, ১৯৫৫ ৰ ধাৰা ২ উপধাৰা (১) ৰ পিছত দফা (খ) ত বৰ্ণনা কৰা হিচাপে সংযোজন কৰা হব যেনে,
পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰপৰা হিন্দু, শিখ, বৌদ্ধ, জৈন , পাৰ্চী আৰু খৃষ্টান সম্প্ৰদায়ৰ যি কোনো ব্যক্তি, যি ৩১ ডিচেম্বৰ, ২০১৪ চনৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰিছে আৰু যাক কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পাৰপত্ৰ (ভাৰতত প্ৰৱেশ) আইন, ১৯২০ ৰ ধাৰা ৩ উপধাৰা ২ দফা (গ) ৰ অধীনত বা বিদেশী নাগৰিক আইন, ১৯৪৬ ৰ আওঁতাৰ পৰা বা তাৰ অধীনৰ যিকোনো নিয়ম বা আদেশৰ দ্বাৰা ৰেহাই প্ৰদান কৰা হৈছে, তেওঁক এই আইনৰ দ্বাৰা অবৈধ অনুপ্ৰৱেশ বুলি গণ্য কৰা নহব
২) ৬ (খ) ৰ সংযোজন :- ধাৰা ৩ : মূল আইনৰ ধাৰা (ক) ৰ পিচত, নিম্নলিখিত ধাৰা সংযোজন হব
ধাৰা ৬ (খ) উপধাৰা (১) কেন্দ্ৰীয় চৰকাৰৰ হৈ নিৰ্ধাৰিত কৰ্তৃপক্ষই ঘোষিত স্বৰ্ত নিষেধাজ্ঞা আৰু ধৰণ অনুযায়ী ধাৰা ২ ৰ উপধাৰা (১) ৰ দফা (খ) ৰ অধীনত {অৰ্থাৎ উল্লেখ কৰা তিনিখন দেশৰপৰা অহা ৬ টা সম্প্ৰদায়ৰ লোক সকল} আবেদন জনোৱা ব্যক্তিক প্ৰমান পত্ৰ বা স্বাভাৱিকীকৰণৰ প্ৰমাণ পত্ৰ অনুমোদন জনাব
৩) উপধাৰা ২ : তৃতীয় অনুচ্ছেদৰ অধীনত ধাৰা ৫ ৰ নিৰ্ধাৰিত স্বৰ্তপূৰণ সাপেক্ষে বা স্বাভাৱিক যোগ্যতা পূৰণ অনুসৰি উপধাৰা (১) ৰ অধীনত পঞ্জীকৰণ বা স্বাভাৱিকীকৰণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা এজন ব্যক্তিক, তেওঁ ভাৰতবৰ্ষত প্ৰৱেশ কৰা দিনৰে পৰা নাগৰিক হিচাপে গণ্য কৰা হব
৪) উপধাৰা ৩ : নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ কাৰ্যকাৰী হোৱা দিনৰ পৰা বা তাৰ পিছত কোনো ব্যক্তিৰ বিৰুদ্ধে এই ধাৰাৰ অধীনত থকা নাগৰিকত্ব সম্পৰ্কীয় বা অবৈধ অনুপ্ৰৱেশ সম্পৰ্কীয় গোচৰ প্ৰত্যাহাৰ কৰা হব উল্লেখ্য যে, তেনে গোচৰৰ অজুহাতত নাগৰিকত্ব বিচাৰি আৱেদন কৰাৰ বাবে অযোগ্য বিবেচিত নহব আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমোদিত অধিকাৰীয়ে এই ধাৰাৰ নাগৰিকত্ব লাভৰ বাবে যোগ্য বিবেচিত হ'লে তেনেকুৱা আৱেদন নাকচ কৰিব নোৱাৰে পুন: উল্লেখ্য যে এই ধাৰাৰ অধীনত আৱেদনৰ দিনালৈ তেওঁ লাভ কৰি থকা অধিকাৰ আৰু সুবিধাৰ পৰা বঞ্চিত কৰা নহব
৫) উপধাৰা ৪ : সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ জনজাতীয় অঞ্চল আৰু বেঙ্গল পূব্বোত্তৰ প্ৰান্তৰ নিয়মাৱলী ১৮৭৩ ৰ অধীনত "ইনাৰ লাইন" নিৰ্দেশনাই সামৰি লোৱা অঞ্চলত এই ধাৰা প্ৰযোজ্য নহ'
৬) ধাৰা ৫:- মূল আইনৰ ১৮ নং ধাৰাৰ উপধাৰা (২) দফা (ঙঙ) ৰ পিচত উল্লেখিত দফা এনেধৰণে সংযোজন হ':- পঞ্জীয়নৰ প্ৰমাণ পত্ৰ বা স্বাভাৱিকীকৰণৰ প্ৰমাণ পত্ৰৰ বাবে স্বৰ্ত, নিষেধাজ্ঞা, প্ৰকৃতি আদি (ঙঙজ) ধাৰা ৬ (খ) উপধাৰা (১) ৰ অধীনত গ্ৰাহ্য কৰা হব
৭) মূল আইনৰ ৩ য় অনুচ্ছেদৰ দফা (ঘ) ত উদ্ধৃত উল্লেখ সংযোজন কৰা হব যেনে :-
পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ হিন্দু, শিখ, বৌদ্ধ, জৈন আৰু খৃষ্টান সম্প্ৰদায়ৰ ব্যক্তিৰ ক্ষেত্ৰত এই ধাৰাৰ অধীনত প্ৰয়োজনীয় আবাসিক বা ভাৰত চৰকাৰৰ চাকৰি কৰি থকা সময়বিধি "১১ বছৰতকৈ কম নহয়" ৰ ঠাইত "৫ বছৰ কম নহয়" হব
CAA, 2019 Gazette খন পঢ়িবলৈ ইয়াত Click কৰক
 

সহজ অৰ্থত CAA, ২০১৯


যদি কোনোবা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খৃষ্টান সম্প্ৰদায়ৰ লোক হয় আৰু তেখেতে ৩১ ডিচেম্বৰ, ২০১৪ ত ভাৰতত প্ৰৱেশ কৰিছে আৰু  ইয়াৰ পিছত তেখেতে ৫ বচৰ আৰু Continue এবচৰ (৫ + ১ বচৰ), সৰ্বমুঠ ৬ বচৰ ভাৰততে  বসবাস কৰি আছে তেনেহলে তেখেতে এই আইন কাৰ্যকাৰী হোৱাৰেপৰা ভাৰতীয় নাগৰিক হিচাপে পৰিগণিত হব আৰু ইয়াৰ বাবে তেখেতে ভাৰতত প্ৰৱেশ কৰাৰ কোনো বৈধ নথি পত্ৰ দেখোৱাৰ প্ৰয়োজনীয়তা নাই। কিন্তু তেখেতে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পাৰপত্ৰ (ভাৰতত প্ৰৱেশ) আইন, ১৯২০ ৰ ধাৰা ৩ উপধাৰা ২ দফা (গ) ৰ অধীনত বা বিদেশী নাগৰিক আইন, ১৯৪৬ ৰ আওঁতাৰ পৰা বা তাৰ অধীনৰ যিকোনো নিয়ম বা আদেশৰ দ্বাৰা ৰেহাই পোৱা হব লাগিব। আনহাতে যদি তেখেত উল্লেখ কৰা ৩ দেশৰ  সম্প্ৰদায়ৰ লোক নহয়, তেনহলে তেখেতৰ ক্ষেত্ৰত এই CAA, ২০১৯ কাৰ্যকাৰী নহব। তেখেতে প্ৰচলিত নাগৰিক নিয়মৰ জৰিয়তে  (অৰ্থা ১১ + ১ বচৰ ভাৰতত থাকি) নাগৰিকত্বৰ বাবে আবেদন কৰিব লাগিব।

অসম NRC আৰু CAA ৰ মাজৰ পাৰ্থক্য


অসম NRC আৰু CAA ৰ মাজৰ মূল পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হল,
১) অসম NRC ৰ জৰিয়তে সেইসকল অসমৰ ব্যক্তিকে ভাৰতীয় নাগৰিক হিচাপে গণ্য কৰা হব যি সকলে ২৫ মাৰ্চ, ১৯৭১ ত নাইবা তাৰ আগৰেপৰা অসমত বসবাস কৰি আছে আনহাতে CAA ৰ অনুসৰি ৩১ ডিচেম্বৰৰ, ২০১৪ ত বা তাৰ আগৰেপৰা যদি কোনো ব্যক্তি ভাৰতত বসবাস কৰি আছে আৰু তেখেত যদি পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰপৰা অহা হিন্দু, বৌদ্ধ, জৈন, শিখ, পাৰ্চী আৰু খৃষ্টান সম্প্ৰদায়ৰ লোক হয় তেনেহলে তেখেতক এই আইনৰ অধীনত ৬ বছৰ পিচত নাগৰিকত্ব প্ৰদান কৰা হব 
২) অসমত NRC প্ৰয়োজনীয়তা এইকাৰণেই হল যে বাংলাদেশৰপৰা বৃহত পৰিমাণৰ নাগৰিক বিভিন্ন কাৰণত অবৈধ ভাবে আহি অসমত বসবাস কৰিবলৈ লৈছিল যাৰ ফলত অসমৰ ভাষা-সংস্কৃতিৰ ওপৰত ইয়াৰ অশুভ প্ৰভাৱ পৰিব ধৰিলে সেয়েহে সেই অবৈধ ভাৱে অহা ব্যক্তি সকলোক চিনাক্তকৰণৰ আৰু বহিস্কৰণৰ কাৰণে অসম আন্দোলন হল আৰু অসম চুক্তিৰ লগতে অসম NRC ৰ জন্ম হল আনহাতে সাম্প্ৰদায়িক নিৰ্যাতনৰ বলি হৈ ভাৰতত বসবাস কৰা উল্লেখিত ৩ দেশ ৬ সম্প্ৰদায়ৰ লোক সকলোক ভাৰতীয় নাগৰিক কৰাৰ উদ্দেশ্যে CAA ৰ জন্ম হল
৩) NRC ৰ মুখ্য উদ্দেশ্য হৈছে অবৈধ নাগৰিকক চিনাক্তকৰণ কৰি সিহঁতক সিহঁতৰ চৰকাৰৰ লগত আলোচনা কৰি নিজ নিজ দেশলৈ পঠোৱাৰ ব্যৱস্থা কৰা আনহাতে CAA ৰ মুখ্য উদ্দেশ্য হৈছে উল্লেখিত ৩ দেশ ৬ সম্প্ৰদায়ৰ  সাম্প্ৰদায়িক নিৰ্যাতন ভুগি ভাৰতত বসবাস কৰা লোক সকলোক ভাৰতীয় নাগৰিক হোৱাৰ সুবিধা প্ৰদান কৰা
৪) অসম NRC ৰ জৰিয়তে ২৫ মাৰ্চ, ১৯৭১ ৰ আগত অহা ব্যক্তিক ভাৰতীয় নাগৰিক হিচাপে গণ্য কৰা হব। আনহাতে CAA ৰ জৰিয়তে ৩১ ডিচেম্বৰ. ২০১৪ ৰ আগলৈ (অৰ্থাৎ ৩১ ডিচেম্বৰৰ ৰাতি ১২ বজাৰ আগতে) ভাৰতত প্ৰৱেশ কৰা ব্যক্তিক ভাৰতীয় নাগৰিক হিচাপে গণ্য কৰা হব। 

প্ৰচলিত নাগৰিকত্ব আইন আৰু নাগৰিক (সংশোধন) অধিনিয়ম, ২০১৯ মূল প্ৰাৰ্থক্য সমূহ

 

১) নাগৰিকত্ব অধিনিয়ম, ১৯৫৫ নাগৰিকত্বৰ মূল আইন আনহাতে নাগৰিকত্ব (সংশোধন) অধিনিয়ম, ২০১৯ কেৱল মূল আইনৰ কিছুমান দিশৰ সংশোধন মাত্ৰ। (বিশেষকৈ ধাৰা ২ ৰ অনুচ্ছেদ ৬ ৰ সংশোধন)
২) এই আইনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিন্দু : প্ৰচলিত নাগৰিকত্ব আইন অনুসৰি ভাৰতীয় নাগৰিক হবলৈ হলে তেখেতে কমেও ভাৰতত ১১ + ১ বছৰ বসবাস কৰিব লাগিব আনহাতে CAA অনুসৰি পাকিস্তানআফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা সাম্প্ৰদায়িক ক্ষেত্ৰত নিৰ্যাতিত হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খৃষ্টান ধৰ্মৰ লোক সকলোৰ কাৰণে এই সময় সীমা ১২ বচৰপৰা ৬ বছৰ কৰি দিয়া হৈছে বাকী দেশ আৰু সম্প্ৰদায়ৰ ক্ষেত্ৰত এই সময় সীমা ১২ বচৰে থাকিব অৰ্থাৎ ধৰি লওক ১ জানুৱাৰী, ২০২০ ত পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰপৰা কোনো হিন্দু, শিখ, বৌদ্ধ, জৈন,পাৰ্চী নাইবা খৃষ্টান লোক এজন ভাৰতত শৰণ বিচাৰিলে। তেনেহ'লে কিন্তু CAA ৰ অনুসৰি তেখেতে প্ৰথমে ৫ বছৰ ভাৰতত থাকি তাৰ পিচত আবেদন কৰি আকৌ এবচৰ Continue ভাৰতত থাকিলে ভাৰতীয় নাগৰিক হব পাৰিব; আৰু যদি তেখেত উল্লেখিত এই ৬ সম্প্ৰদায়ৰ ভিতৰত কোনো এটা সম্প্ৰদায়ৰ লোক নহয় তাৰ, পৰিৱৰ্তে আন কোনো সম্প্ৰদায়ৰ লোক হয় লগতে উল্লেখিত তিনিটা দেশৰ সলনি বেলেগ দেশৰ নাগৰিক হয় তেনেহলে তেখেতে প্ৰচলিত নাগৰিকত্ব আইন অনুসৰি আবেদন কৰি ভাৰতীয় নাগৰিক হব পাৰিব 

অনিচ্ছেদ ১৪ আৰু ১৫ (Clause  14 & 15  )


আপোনালৈকে চাগে এতিয়া এই অনিচ্ছেদ ১৪ আৰু ১৫ বিষয়ে বহুত কথা শুনি আছে। এই অনিচ্ছেদ ১৪ আৰু ১৫ ৰ আধাৰতে CAA, ২০১৯ ৰ বিৰুদ্ধে উচ্চতম ন্যায়লয়ত বহুতো দল সংগঠনে প্ৰত্যাবান দিছে। সেয়েহে এই অনিচ্ছেদ ১৪ আৰু ১৫ ৰ বিষয় জনাটোও বহুত প্ৰয়োজনীয়। এই অনুচ্ছেদ দুটা ভাৰতীয় সংবিধানৰ ভাগ ৩ ৰ অংশ। ভাগ ৩ ত নাগৰিকৰ মৌলিক অধিকাৰ বিষয় বৰ্ণনা কৰা আছে। এই ভাগতে অনুচ্ছেদ ১৪ ৰপৰা অনুচ্ছেদ ১৮ লৈকে নাগৰিকৰ সমতাৰ অধিকাৰৰ বিষয় লিখা আছে।
১) অনুচ্ছেদ ১৪ ত সকলোকে সমান দৃষ্টিৰ চোৱাৰ কথা কৈছে। ইয়াত দুটা নিয়ম আছে,
ক) Equality Before the Law অৰ্থাৎ আইনক আগত ৰাখি সকলোকে সমান দৃষ্টিৰে চোৱা, আৰু আনটো হৈছে,
খ) The Equal Protection of the Laws অৰ্থাৎ সুৰক্ষা অনুযায় সকলোকে সমান ব্যৱহাৰ কৰা।  
এটা সাধাৰণ উদাহৰণৰ জৰিয়তে ইয়াক বুজিব পাৰি, যদি এখন মহাবিদ্যালয়ত Admission ৰ কাৰণে পৰীক্ষা পতা হয়; যি পৰীক্ষা কেৱল মেট্ৰিক পাচ কৰা লৰা-ছোৱালিয়ে দিব পাৰিব। তেতিয়া যদি সপ্তম শ্ৰেনীৰ ছাত্ৰয়ে পৰীক্ষাটো দিব খোজে তেনেহ’লে অনুচ্ছেদ ১৪ ৰ প্ৰথম নিয়ম অনুসৰি ছাত্ৰ জনক পৰীক্ষাত বহিব দি লাগিব আনহাতে অনুচ্ছেদ ১৪ ৰ দ্বিতীয় নিয়ম অনুসৰি সেই ছাত্ৰজনক পৰীক্ষাত বহিব নিদিব পাৰে, কাৰণ সেই ছাত্ৰজন পৰীক্ষাটোৰ বাবে যোগ্য নহয়। গতিকে ১৪ ৰ প্ৰথম আৰু দ্বিতীয় নিয়মটোৱে ইটোৱে সিটোৰ কিছুমান ক্ষেত্ৰত বিৰুধীতা কৰে বুলিও কব পাৰি, কিন্তু এই ক্ষেত্ৰত আটাইতকৈ দৰকাৰী কথাটো হ’ল সেই বিৰুধীতাৰ অতি গুৰুত্বপূৰ্ণ কাৰণ থাকিব লাগিব
২) অনিচ্ছেদ ১৫ ত নাগৰিকৰ মৌলিক অধিকাৰৰ বিষয় লিখা আছে। ইয়াত লিখা আছে যে ধৰ্ম, মূল বংশ, জাতি, লিংগ আৰু জন্ম স্থানৰ আধাৰত নাগৰিক এজনৰ লগত কোনো ধৰণৰ ভেদ-ভাব কৰিব নোৱাৰে। কিন্তু CAA, ২০১৯ ত যিহেতু ধৰ্মৰ কথা উল্লেখ আছে, সেয়েহে উচ্চতম ন্যায়লয়ত ইয়াক প্ৰত্যাবান দিয়া হৈছে।
দৰকাৰী কথা:
ক) অনিচ্ছেদ  ১৫ ভাৰতৰ প্ৰতিজন নাগৰিকৰ ক্ষেত্ৰটো প্ৰযোজ্য হয়। কোনো নাগৰিকে ধৰ্ম, মূল বংশ, জাতি, লিংগ আৰু জন্ম স্থানৰ আধাৰত কাৰো লগত ভেদ-ভাব কৰিব নোৱাৰে।
খ) ধাৰা ৩ য়ে মহিলা আৰু শিশুৰ সুৰক্ষা আৰু উন্নতিৰ ক্ষেত্ৰত চৰকাৰে বেলেগকৈ নতুন নিয়ম অনাৰ সুবিধা প্ৰদান কৰিছে। ইয়াৰ উপৰিও পিছলৈ ইয়াত আৰক্ষণৰো ব্যৱস্থা কৰা হৈছে।
গ) আৰক্ষণৰ ব্যৱস্থাও কিন্তু সমাজত জাতিৰ ক্ষেত্ৰত বিভেদ কৰাকে বুজায়ে। কিন্তু উপৰত উল্লেখ কৰা অনুচ্ছেদ ১৪ ৰ ২ নং নিয়মটোত লিখা আছে যে “The Equal Protection of the Laws” অৰ্থাৎ সুৰক্ষা অনুযায় চৰকাৰে নতুন আইন আনিব পাৰে। সেয়েহে উচ্চতম ন্য়ায়লয়ৰ এটা ৰায়দানত কোৱা হৈছে যে যদি ধৰ্ম, মূল বংশ, জাতি, লিংগ আৰু জন্ম স্থানৰ আধাৰত কিবা নতুন নিয়ম কৰা হয় (যত বিভেদ থাকে) তেনেহলে সেই নিয়মৰ কিবা বিশেষ আৰু গুৰুত্বপূৰ্ণ কাৰণ থাকিব লাগিব। ইয়াত চৰকাৰে কাৰণ দিছে যে উল্লেখিত ৩ দেশ ৬ সম্প্ৰদায়ৰ লোকৰ উপৰত সাম্প্ৰদায়িক নিৰ্যাতন হৈ আছে যাৰ বাবে চৰকাৰে এই আইন আনিছে। 

দৰকাৰী কথাসমূহ: 


১) ১২ (১ + ১১) বচৰ নাইবা ৬ (১ + ৫) বচৰ ভাৰতত বসবাস কৰি আবেদন কৰিলেয়ে যে কোনোবা ভাৰতীয় নাগৰিক হৈ পৰিব সেইটো সম্পূৰ্ণ ভুল। আবেদন কৰাৰ পিচত এটা দঘলয়া Process হব; তাৰ পিচত ভাৰত চৰকাৰে সিদ্ধান্ত কৰিব যে তেখেতৰ ভাৰতীয় নাগৰিক হোৱাৰ যোগ্যতা আছে নে নাই।  এই ক্ষেত্ৰত এটা উদাহৰণ উল্লেখ কৰিব পাৰি, জনপ্ৰিয় পাকিস্তানী গায়ক আদনান স্বামীয়ে ১৪ বচৰৰ ভিতৰত ১১ বচৰ ভাৰতত বসবাস কৰি ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছিল আৰু তাৰ পিছত ১ বচৰ Continue ভাৰততে বসবাস কৰিছিল বাবে তেখেতে ভাৰতীয় নাগৰিকত্ব পালে কিন্তু জনপ্ৰিয় বাংলাদেশী লেখিকা তাচলিমা নাচলিমে কিন্তু এতিয়ালৈ ভাৰতীয় নাগৰিকত্ব পোৱা নাই।
২) ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১১ ৰ অধীনত, ভাৰতীয় নাগৰিকতা অৰ্জন আৰু তাৰ সমাপ্তকৰণ সম্বন্ধীয় আৰু তাৰ লগত জড়িত থাকিব পৰা সকলো বিষয়ৰে বিধি - বিধান প্ৰণয়ন কৰিবলৈ সংসদক অবাধ ক্ষমতা দি থোৱা আছে। গতিকে সংসদে নাগৰিকত্বৰ ক্ষেত্ৰত বৈধ ভাবে যিকোনো ধৰণৰ সাল-সলনি কৰিব পাৰে। ইয়াত বৈধ শব্দটোৰ অৰ্থ হৈছে অন্য অনুচ্ছেদ সমূহক ধ্যানত ৰাখি।
৩) ৩১ ডিচেন্বৰ, ২০১৪ ৰ পিচতো যদি কোনোবা ভাৰতত প্ৰৱেশ কৰে/শৰণ লয় তেতিয়াহলেও তেখেতে ভাৰতীয় নাগৰিকত্ব পাব। যদি তেখেত উল্লেখিত ৩ দেশ ৬ সম্প্ৰদায়ৰ লোক হয় তেনেহলে তেখেতে ৫ + ১ বচৰ ভাৰতত বসবাস কৰি ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিলে ভাৰতীয় নাগৰিকত্ব পাব পাৰিব। অন্যথা যদি উল্লেখ কৰা ৩ দেশ ৬ সম্প্ৰদায়ৰ ব্যক্তি নহয়, নাইবা অন্য় কোনো দেশৰ নাগৰিক হয় তেনেহলে তেখেতে ১১ + ১ বচৰ ভাৰতত বসবাস কৰি ভাৰতীয় নাগৰিকৰ বাবে আবেদন কৰিলে ভাৰতীয় নাগৰিকত্ব পাব পাৰিব। 
৪) অবৈধ অনুপ্ৰবেশকাৰিয়ে সাধাৰণতে ভাৰতীয় নাগৰিকত্ব নাপায়। কিন্তু সিহঁতে ভাৰতীয় নাগৰিকত্বৰ বাবে দৰখাস্ত কৰিব পাৰে।  কিন্তু এতিয়া যদি সেই অনুপ্ৰৱেশকাৰী জন উল্লেখিত ৩ দেশ ৬ সম্প্ৰদায়ৰ আৰু ৩১ ডিচেম্বৰ, ২০১৪ ত অহা লোক হয় তেনেহলে চৰকাৰে তেখেত সকলোক নাগৰিকত্ব প্ৰদান কৰিব পাৰে (কিন্তু ইয়াৰ বাবেও সিহতে দৰখাস্ত কৰিব লাগিব)। এই খিনিতে এইটোও উল্লেখ কৰি থও যে সংবাধানে ভাৰত চৰকাৰক যিকোনো সম্প্ৰদায়ৰ অবৈধ অনুপ্ৰৱেশকাৰিক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ ক্ষমতা দি থৈছে। সময়ে সময়ে কেন্দ্ৰীয় চৰকাৰে বহুতো অনুপ্ৰৱেশকাৰীক ভাৰতীয় নাগৰিকত্ব প্ৰদানো কৰিছে।
৫) অসম চুক্তিৰ জৰিয়তে যিবোৰ ব্যক্তিক বিদেশী হিচাপে গণ্য় কৰা হয় সেইবোৰ ব্যক্তি প্ৰচলিত নাগৰিক আইন (১৯৮৬) আৰু CAA, ২০১৯ ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব পাব পাৰে। উদাহৰণস্বৰুপে, জানুৱাৰী, ২০২০ ত অসমত কোনো লোকে প্ৰৱেশ কৰিলে, তেতিয়া তেখেত অসম চুক্তি আৰু ভাৰতীয় নাগৰিক আইন অনুসৰি বিদেশী হিচাপে গণ্য কৰা হব কিন্তু তেখেতে ১২ বচৰ (১১ + ১) ভাৰতত থাকি (অসমতে থাকক বা বেলেগ ৰাজ্যতে থাকক) ২০৩২-৩৩ ৰ ভিতৰত ভাৰতীয় নাগৰিক হব পাৰিব আৰু যদি তেখেত উল্লেখিত ৩ দেশ ৬ সম্প্ৰদায়ৰ লোক হয় তেনেহলে তেখেতে ৬ বচৰ (৫ + ১) ভাৰতত থাকি ভাৰতীয় নাগৰিকত্ব পাব পাৰিব আনহাতে তেখেত কিন্তু অসম চুক্তি অনুসৰি ভাৰতীয় নাগৰিকত্ব পাব নালাগে।
৬) ১৯৫০ চনৰ ২৬ জানুৱাৰী পিছত ভাৰতত অহা ব্য়ক্তিক বিদেশী হিচাপে গণ্য কৰা হয় কিন্তু অসমৰ ক্ষেত্ৰত ২৫ মাৰ্চ ১৯৭১ চনৰ পিচত অসমত অহা ব্যক্তিক বিদেশী হিচাপে গণ্য কৰা হয়।
৭) অনুপ্ৰৱেশকাৰী বুলি চিনাক্ত হ’লে নাগৰিকত্ব অধিনিয়ম, ১৯৫৫ অনুসৰি ভাৰত চৰকাৰে সেই অনুপ্ৰৱেশকাৰীজনক
ক) অনুপ্ৰৱেশকাৰী জনৰ বিৰুদ্ধে আদালতত Case চলিব পাৰে,

খ)) ভাৰতৰ বাহিৰত খেদি পঠিয়াব পাৰে,

গ) জেললৈ প্ৰেৰণ কৰিব পাৰে 


উল্লেখনিয়: অনুপ্ৰৱেশকাৰী জনৰ লগত কোনেও (ভাৰত চৰকাৰ লগতে ভাৰতৰ প্ৰতিজন নাগৰিক) অমানৱীয় ব্যৱহাৰ কৰিব নোৱাৰে। ইয়াৰোপৰি সেই অনুপ্ৰৱেশকাৰী জনক চৰকাৰে ভাৰতীয় নাগৰিকক দিয়া সকলো সুবিধা প্ৰদান নকৰিলেও, কিন্তু কিছুমান মৌলিক সুবিধা প্ৰদান কৰিব লাগিব। যেনে, থকা আৰু খোৱাৰ ব্যবস্থা।


৮) ৬ জনগোষ্টীয় এলেকা আৰু ইনাৰ লাইন পাৰমিত এলেকা সমূহত CAA, ২০১৯ প্ৰযোজ্য় নহয়। ইয়াৰে উত্তৰ-পূৰ্বৰ ৬ জনগোষ্টীয় এলেকা সমূহ হৈছে,

ক) অসমৰ কাৰ্বি-আলং, উত্তৰ কাছাৰ পাহাৰী জিলা (Dima Hasao Autonomous District Council), বড়োলেণ্ড Territorial  এলেকা ।

খ) মেঘালয়

গ) মিজোৰাম

ঘ) ত্ৰিপুৰাৰ জনজাতিয় অঞ্চল 


আনহাতে ইনাৰ লাইন পাৰমিত এলেকা সমুহ হৈছে,


ক) নাগালেণ্ড

খ) মিজোৰাম

গ) অৰুণাচল প্ৰদেশ

ইয়াৰোপৰি মণিপুৰেও ইনাৰ লাইন পাৰমিতৰ বাবে আবেদন কৰি আছে। অৱেশ্য মণিপুৰে ইনাৰ লাইন পাৰমিতৰ বাবে ১৯৫৫ চনৰপৰায়ে চেষ্টা কৰি আছে।


স্পস্তীকৰণ                    


এইয়ে আছিল নাগৰিকত্ব আইন, নাগৰিকত্ব অধিনিয়ম, ১৯৫৫, NRC আৰু CAA, ২০১৯ ৰ বিষয় কিছুমান গুৰুত্বপূৰ্ণ কথা মই এই লেখ লিখাৰ প্ৰধান উদ্দেশ্য হৈছে আপোনালোকক নাগৰিকত্ব আইনৰ বিষয় অৱগত কৰোৱাৰ মই নিজে যি খিনি জানিব পাৰিছো সেইখিনিহে লিখিছো; ব্য়ক্তিগত ভাৱে মই ইয়াত কোনো মতামত আগৱঢোৱা নাই। কৰবাত যদি কিবা লিখাত ভুল হৈছে তেনেহলে মোক ক্ষমা কৰি দিয়ে যেন

॥ ধন্যবাদ ॥
জানক সকলোবোৰ | নাগৰিকত্ব আইন, সংশোধন, IMDT, NRC আৰু CAA, ২০১৯ জানক সকলোবোৰ | নাগৰিকত্ব আইন, সংশোধন, IMDT, NRC আৰু CAA, ২০১৯ Reviewed by Paramartha on January 09, 2020 Rating: 5

No comments:

Powered by Blogger.