Amazon Best Deal

The Issue of Assam (1931 to 2011) | অধ্যায় ১


The Issue of Assam (1931 to 2011) | অধ্যায় ১
The Issue of Assam (1931 to 2011) | অধ্যায় ১  


অধ্যায় ১
The Issue of Assam (1931 to 2011)

অসমীয়া ভাষাৰ ওপৰত আজি এক সংকতে দেখা দিছে। কিন্তু প্ৰকৃত কথাটো হল যে এই সংকতে আজি এক আকাৰ লৈ গঢ়ি উঠিছে। বহুতৰে মত অনুসৰি এই সংকত আহিছে বঙালী ভাষাৰপৰা। কাৰণ বঙালী ভাষাৰ শতাংশ বাঢ়ি আহিছে আৰু অসমীয়া ভাষাৰ শতাংশ কমি আহিছে। ঠিক এনেকোৱা এটা মূহূৰ্তত যেতিয়া চৰকাৰে হিন্দু, শেখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকৰ কাৰণে নাগৰিকত্বৰ সুবিধা আনিলে তেতিয়া মানুহৰ মাজত কৌলাহল সৃষ্টি হোৱাটো তেনেয়ে স্বাভাৱিক। মানুহৰ মাজত নিজৰ ভাষা-সংস্কৃতিক লৈ শংকা উৎপন্ন হৈছে, বিক্ষোভ উৎপন্ন হৈছে, এক আন্দোলনৰ সৃষ্টি হৈছে। এক গণ আন্দোলনৰ সৃষ্টি হৈছে চৰকাৰৰ বিৰুদ্ধে। সেই চৰকাৰৰ বিৰুদ্ধে আৰু সেইসকল লোকৰ বিৰুদ্ধে যি সকলে এটা সময়ত অসমীয়া ভাষা সংস্কৃতিৰ ৰক্ষাৰ বাবে যুজ দিছিল; নিজ জীৱনকো তুচ্ছ জ্ঞান কৰি, অসমীয়া ভাষা সংস্কৃতিৰ ৰক্ষাৰ কাৰণে তেতিয়াৰ চৰকাৰৰ বিৰুদ্ধে থিয় দিছিল। আজি আকৌ সেই একে পৰিৱেশে অলপ বেলেগ ধৰণে দেখা দিছে; কেৱল মানুহ সলনি হৈছে, চৰকাৰ সলনি হৈছে কিন্তু বিষয় সেই একেটায়ে। যত অসমৰ মানুহে CAA, ২০১৯ আইনখনত অসমৰ ভাষা-সংস্কৃতিৰ ওপৰত এক বিপদ দিখিছে তাৰ বিপৰিতে চৰকাৰে এনেকোৱা কি দেখিছে যাৰ বাবে অসম চৰকাৰে এই আইনখনৰ বিপৰীতে মাত নামাতিলে।

এইটো থিক যে চৰকাৰৰ তাত নাগৰিকৰ তথ্য থাকে, সেই তথ্য সমূহ বিশ্লেষণ কৰিবলৈ বহতো গুণী-জ্ঞানী লোক নিযুক্ত কৰা থাকে কিন্তু ইয়াৰ লগতে সাধাৰণ ৰাইজৰ মাজতো বহুতো গুণী-জ্ঞানী লোক আছে, যিসকলোৰ জ্ঞানৰ পৰিসীমা বহুত বহল। সেয়েহে ইয়াত কোনো এটা পক্ষক ভুল নাইবা শুদ্ধ বুলি মন্তব্য দিয়াৰ আগতে কিছুমান তথ্য জানি লোৱাটো ভাল। সেই উদ্দেশ্য আগত ৰাখি মই যেতিয়া কিছুমান তথ্যৰ অনুসন্ধান কৰিলো তেতিয়া কিছুমান তথ্য মোৰ চকুত পৰিল, সেই তথ্য সমূহে মই আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছো।

আৰম্ভণি


স্বাধীনতাৰ পিচত অখণ্ড ভাৰত দুখণ্ড হল আৰু অসমক পূৱ পাকিস্তানত (বাংলাদেশ) অন্তৰ্ভুক্ত কৰিবলৈ অপ-চেষ্টা চলোৱা হল। কিন্তু গোপীনাথ বৰদলৈৰ অশেষ চেষ্টা আৰু গান্ধীজীৰ পূৰ্ণ সমৰ্থন থকাৰ ফলত অসম ভাৰতৰ অভিন্ন অংগ হৈ থাকিল। স্বাধীনতাৰ পিচত পূৱ পাকিস্থানৰ জন্মটো হল কিন্তু তাত শান্তিয়ে বিৰাজ কৰিব নোৱাৰিলে; বিশেষকৈ হিন্দু সম্প্ৰদায়ৰ ক্ষেত্ৰত। যাৰ ফলত হিন্দু সকলে অসমত আৰু পশ্চিম বংগালত শৰণ ললে। কিন্তু এই পৰিমাণ তেতিয়া বৃহত ৰুপ ললে যেতিয়া পাকস্তানে পূৱ পাকিস্তানত আক্ৰমণ কৰিলেপ্ৰায় ১ কৌটি বাংলাদেশী নাগৰিক (হিন্দু-মুচলিম উভয়ে)  ভাৰতত প্ৰৱেশ কৰিলে বিশেষকৈ পশ্চিম বংগাল, অসম আৰু ত্ৰিপুৰাত। অৱেশ্য ভাৰতৰ হাতত পাকিস্তান পৰাস্ত হৈ পূৱ পাকিস্তানপৰা বাংলাদেশ সৃষ্টি হোৱাৰ পিচত বহুতো বাংলাদেশ নাগৰিক নিজ দেশলৈ ঘূৰি গৈছিল কিন্তু বহুতো ভাৰততে থাকি গৈছিল। কিন্তু অনুপ্ৰৱেশকাৰী আৰু অসমৰ যেন এক অটুট সম্পৰ্ক আছে আৰু এই সম্পৰ্কয়ে সময়ে সময়ে  এক নতুন ৰুপত দেখা দি আহিছে। 

অসমৰ জনসংখ্য়াৰ ওপৰত এক দৃষ্টি ১৯৩১ ৰপৰা ১৯৭১ লৈ


সৰ্ব্ব প্ৰথমে ১৯৩১ ৰপৰা ২০১১ লৈ অসমৰ জনসংখ্যাৰ বিষয় জানি লোৱাটো ভাল হব। ভাৰতৰ জনগণনা অনুসৰি অসমৰ জনসংখ্যাৰ বিষয় লগতে ইয়াৰ বৃদ্ধিৰ গুণাত্মক সংখ্যা আৰু ১০ বচৰৰ ভিতৰত কিমান জনসংখ্য়া বাঢ়িছে সেই বিষয় তলত উল্লেখ কৰা হৈছে,

বচৰ
জনসংখ্যা
২০১১ লৈ জনসংখ্য়া কিমান গুণ বাঢ়িছে

১০ বচৰৰ অন্তৰালৰ পাৰ্থক্য
মুঠ জনসংখ্যা বৃদ্ধিৰ পৰিমাণ (%)
১৯৩১
৫৬,৬০,৩৭১
৫.৬১


১৯৪১
৬৬,৯৪,৭৯০
৪.৬৬
১১,৩৪,৪১৯
২০.৪০
১৯৫১
৮০,২৮,৮৫৬
৩.৮৯
১৩,৩৪,০৬৬
১৯.৯৩
১৯৬১
১,০৮,৩৭,৩২৯
২.৮৮
২৮,০৮,৪৭৩
৩৪.৯৮
১৯৭১
১,৪৬,২৫,১৫২
২.১৩
৩৭,৮৭,৮২৩
৩৪.৯৫
১৯৮১*
১,৮০,৪১,২৪৮
১.৭৩
৩৪,১৬,০৯৬
২৩.৩৬
১৯৯১
২,২৪,১৪,৩২২
১.৩৯
৪৩,৭৩,০৭৪
২৪.২৪
২০০১
২,৬৬,৫৫,৫২৮
১.১৭
৪২,৪১,২০৬
১৮.৯২
২০১১
৩,১২,০৫,৫৭৬

৪৫,৫০,০৪৮
১৭.০৭
তালিকা ১ (জনসংখ্যা ১৯৩১ ৰপৰা ২০১১ লৈ)

দৰকাৰী কথা: ১৯৮১ ত অসম আন্দোলনৰ ফলত জনগণনা সঠিক ভাবে নহল, সেয়েহে ১৯৮১ ৰ গণনাটো নিৰ্ভৰযোগ্য নহয় কিন্তু তথ্য সমূহ অনুসন্ধান কৰোতে এই সংখ্যাটো পোৱা গৈছিল আৰু সংখ্যাটো বিশ্বাস যোগ্য যেন লগাৰ বাবে দিয়া গৈছে।

তালিকা ১ ৰ অনুসৰি যদি চোৱা যায় তেতিয়া হলে দেখা যাব যে ১৯৫১ ৰপৰা ২০১১ লৈ ৩.৮৯ গুণ বেছি আৰু ১৯৭১ ৰপৰা ২০১১ লৈ ২.১৩ গুণ বেছি জনসংখ্যা বাঢ়িছে। কিন্তু ইয়াত আৰু এটা কথা মন কৰিবলগীয়া যে ১৯৪১ ৰপৰা ১৯৭১ লৈ জনসংখ্যা তীব্ৰ গতিত বাঢ়িলে কিন্তু ১৯৯১ ৰ পিচত জনসংখ্য়া বৃদ্ধিৰ হাৰ কমিব ধৰিছে। এইটো অসমৰ কাৰণে ভাল লক্ষণ যদিহে এই জনসংখ্যাত অন্তৰ্ভুক্ত সকলোৰ ক্ষেত্ৰতে বৃদ্ধি হাৰত নিয়ন্ত্ৰণ দেখা যায়।



The Issue of Assam (1931 to 2011) | অধ্যায় ১ The Issue of Assam (1931 to 2011) | অধ্যায় ১  Reviewed by Paramartha on January 17, 2020 Rating: 5

No comments:

Powered by Blogger.